নগাঁৱৰ হয়বৰগাঁও প্ৰেছ ক্লাৱৰ প্রথম ত্ৰি বাৰ্ষিক অধিবেশন সম্পন্ন
তিনি সাংবাদিকক সম্বৰ্দ্ধনা
বেবেজীয়াৰ পৰা ঋতু পৰ্ণ শৰ্মা,
নগাঁও জিলাৰ হয়বৰগাঁও প্ৰেছ ক্লাৱৰ প্ৰথম ত্ৰি বাৰ্ষিক অধিবেশন খনি আজি দিনযোৰা কাৰ্যসূচীৰে নগাঁও জিলা সাহিত্য সভাৰ সভাগৃহত অনুষ্ঠিত হয়। পুৱা বন্তি প্ৰজ্বলন,শ্বহীদ তৰ্পণ অনুষ্ঠান অনুষ্ঠিত হোৱাৰ পিছত অধিবেশনৰ প্ৰতিনিধি সভা অনুষ্ঠিত হয়। প্ৰতিনিধি সভাত পৰৱৰ্তী তিনিবছৰৰ বাবে দিব্যজ্যোতি বৰুৱাক সভাপতি আৰু মোস্তাফা কামালক সাধাৰণ সম্পাদক হিচাপে লৈ হয়বৰগাঁও প্ৰেছ ক্লাৱৰ এখন শক্তিশালী কাৰ্যনিৰ্বাহক সমিতি গঠন কৰা হয়। ইয়াৰ পিছতে অনুষ্ঠিত হয় নগাঁৱৰ বিশিষ্ট আৰু সচেতন নাগৰিক তথা জ্যেষ্ঠ সাংবাদিকৰ সৈতে অন্তৰংগ আলাপ অনুষ্ঠান ।হয়বৰগাঁও প্ৰেছ ক্লাৱৰ সভাপতি দিব্যজ্যোতি বৰুৱাই পৰিচালনা কৰা আৰু সাধাৰণ সম্পাদক মোস্তাফা কামালে আঁতধৰা এই অনুষ্ঠানত অংশগ্ৰহণ কৰি “ঈশান নিউজ”ৰ মুখ্য সম্পাদক সুশীল পাটোৱাৰীয়ে সাংবাদিকতা ক্ষেত্ৰখনৰ বিভিন্ন দিশ উল্লেখ কৰি কয় সাম্প্ৰতিক সময়ত সভা- সমিতিত ৰাজনৈতিক প্ৰভাৱ পৰা দেখা যায়। তেওঁ লগতে কয় যে চৰকাৰী বিজ্ঞাপন অবিহনে বহু সংবাদ পত্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হব লগা হয়। ছেমিকণ্ডাক্তৰৰ দৰে উদ্যোগৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰি আমাৰ নিত্য, নৈমিত্তিক সামগ্ৰীৰ এখন বজাৰ গঢ়ি তোলাৰ সম্ভৱনীয়তা আছে বুলি তেওঁ মন্তব্য কৰে। অনুষ্ঠানত অংশগ্ৰহণ কৰি প্ৰাক্তন বিধায়ক ডাঃ দুৰ্লভ চমুৱাই শৰীৰ চৰ্চাৰ ওপৰত গুৰুত্বপূৰ্ণ প্ৰদান কৰি কয় যে মানুহৰ শৰীৰ সুস্থ কৰি ৰখাৰ বাবে শৰীৰ চৰ্চা কৰাটো প্ৰয়োজনীয়। তাহানিতেই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে মাটিৰ আখৰাৰ জৰিয়তে এই কথা শিকাই থৈ গৈছে। অসমৰ সাম্প্ৰতিক পৰিস্থিতিৰ কথা উল্লেখ কৰি ডাঃ চমুৱাই কয় যে অসমৰ থলুৱা-খিলঞ্জীয়াসকলৰ সুৰক্ষাৰ স্বাৰ্থত অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰৱৰ্তন কৰা প্ৰয়োজন। অনুষ্ঠানত লেখক-সাংবাদিক কনক হাজৰিকাই সংবাদ মাধ্যমৰ সন্মুখত আহি পৰা প্ৰত্যাহ্বানৰ কথা উল্লেখ কৰি এইক্ষেত্ৰত সাংবাদিক সকলক সজাগ হ’বলৈ আহ্বান জনায়। সভাত শিক্ষাবিদ সভাৰাম মজুমদাৰ,ডঃ ৰাতুল নেওগ,নগাঁও জিলা গ্ৰাম্য পুথিভঁৰাল সন্থাৰ সভাপতি ফজলুল হক মড়ল,সমাজকৰ্মী মৃণাল
হাজৰিকা,গাঁও প্ৰধান দীপু দাস,কমৰুজ জামান,আবূবক্কৰ ছিদ্দিক,নগাঁও জিলা সাহিত্য সন্মিলনীৰ সম্পাদক নিজৰা শইকীয়া,ডাঃ কামাল হাচান, লেখিকা কবিতা বৰা আদিৰ লগতে হয়বৰগাঁও প্ৰেছ ক্লাৱৰ সমুহ সদস্য,জুৰীয়া, বটদ্ৰৱা,কচুৱা,মৈৰাবাৰী আদিৰ সাংবাদিকসকল উপস্থিত থাকে। অনুষ্ঠানত হয়বৰগাঁও প্ৰেছ ক্লাৱে প্ৰকাশ কৰা “মই হয়বৰ মোৰ গাঁও মোৰ কাহিনী” শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন কৰে নগাঁও জিলা ভাৰপ্ৰাপ্ত জনসংযোগ বিষয়া অৰুণাভ চৌধুৰীয়ে। অনুষ্ঠানত তিনিগৰাকী জ্যেষ্ঠ সাংবাদিক ক্ৰমে “অসমীয়া প্ৰতিদিন”ৰ দেৱজিৎ হাজৰিকা,বাহাৰুল ইছলাম আৰু জুৰীয়াৰ সাংবাদিক ফজলুল হকক সফল গ্ৰাম্য সাংবাদিকতা বটা প্ৰদান কৰা হয়। অনূষ্ঠানৰ আৰম্ভণিতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ শিশু যোগ খেলুৱৈ তনুশ্ৰী বৰাই যোগাসন প্ৰদৰ্শনেৰে অনুষ্ঠানটি জীপাল কৰি তোলে।