ধুবুৰীৰ ৰেলওৱে ডেভেলপমেন্ট এণ্ড পেছেঞ্জাৰ এচোছিয়েনৰ উদ্যোগত
অৱস্থান ধৰ্মঘট আৰু প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ
ধুবুৰী:
ধুবুৰী ডিসট্রিক্ট ৰেলওৱে ডেভেলপমেন্ট এণ্ড পেছেঞ্জাৰ এচোছিয়েনৰ উদ্যোগত আজি ধুবুৰীৰ চহৰৰ এএছটিচি গেৰেজ ফিল্ডত এক অৱস্থান ধৰ্মঘট আৰু প্ৰতিবাদ কাৰ্যসূচী অনুষ্ঠিত হয়। প্ৰতিবাদস্থলীত নিজৰ ভাষণত সন্থাটোৰ সাধাৰণ সম্পাদক নুৰুল ইছলামেজিলাখনৰ ৰে’ল যাত্ৰীৰ বহুদিনীয়া দাবীসমূহৰ প্ৰতি ৰে’ল কৰ্তৃপক্ষৰ দৃষ্টি আকৰ্ষণ কৰাৰ উদ্দেশ্যে এই কাৰ্যসূচী গ্ৰহণ কৰা হোৱা বুলি উল্লেখ কৰে। তেওঁ কয় যে, বহু বাৰ আবেদন-নিবেদন কৰাৰ পিছতো যাত্ৰীৰ ন্যায়সংগত দাবীসমূহ এতিয়াও অমীমাংসিত হৈ আছে, যাৰ ফলত সাধাৰণ ৰে’ল যাত্ৰীসকলে বহু অসুবিধাৰ সন্মুখীন হৈ আহিছে। সেয়ে ৰে’ল কৰ্তৃপক্ষক তৎকালীন ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাই এই কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। আনহাতে, সভাপতি মাধৱ চন্দ্ৰ পালেও এই আন্দোলন ৰে’ল কৰ্তৃপক্ষ, ৰাজ্য চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে নহয়; বৰং ই কেৱল ৰে’ল যাত্ৰীৰ অধিকাৰ আৰু প্ৰাপ্য সুবিধা পুনৰস্থাপনৰ সমৰ্থনত গ্ৰহণ কৰা পদক্ষেপ বুলি উল্লেখ কৰে। লগতে জনায় যে গৌৰীপুৰ ৰে’ল ওভাৰব্ৰিজটো সৰ্বসাধাৰণৰ বাবে শীঘ্ৰে মুকলি কৰাৰ ব্যৱস্থা গ্ৰহণৰ দাবীত সন্থাই ধুবুৰীৰ উপায়ুক্তলৈ এখন স্মাৰক পত্ৰ প্ৰদান
কৰিব বুলিও তেওঁ অৱগত কৰে। আজিৰ এই প্ৰতিবাদথলীতেই ধুবুৰী–তিনিচুকীয়া পেছেঞ্জাৰ ৰে’লৰ তৎকালীন পুনৰ আৰম্ভণি কৰা, ধুবুৰী চহৰৰ সেনপাৰাৰ ৰে’ল চাৰিআলিৰ এখন ৰে’ল ওভাৰব্ৰিজ নিৰ্মাণ, ধুবুৰী ৰে’ল ষ্টেচনৰ প্লেটফৰ্ম সংলগ্ন এলেকাত এখন ৰে’ল চিকিৎসালয় স্থাপ কৰা, ধুবুৰী জিলাৰ গৌৰীপুৰ জংচনত অপেক্ষা কক্ষৰ ব্যৱস্থা কৰা, গৌৰীপুৰত ৰিজাৰ্ভেচন টিকট বুকিং কাউণ্টাৰ খোলাৰ ব্যৱস্থা কৰা, ধুবুৰী–গুৱাহাটী মাজত প্ৰতিদিনে এখন পুৱা এক্সপ্ৰেছ ৰে’ল (উভয় দিশৰ পৰা) আৰম্ভ কৰাৰ ব্যৱস্থা কৰা, ৰাজ্যৰাণী এক্সপ্ৰেছৰ দৈনিক চলাচল নিশ্চিত কৰা, ধুবুৰী/গৌৰীপুৰৰ পৰা অমৃতসৰ, পাটনা আৰু দিল্লীলৈ দূৰপাল্লাৰ ৰে’ল সেৱা আৰম্ভ কৰা, গৌৰীপুৰৰ গোশালালৈ যোৱা পথটোত ৰে’ল ভূমিত কংক্ৰিটৰ এপ্ৰ’চ ৰ’ড নিৰ্মাণ কৰি স্থানীয় ৰাইজৰ গৌৰীপুৰ ৰে’ল ষ্টেচনলৈ যাতায়াত সহজ কৰাৰ দাবীও জনোৱা হয়।