...

শংকৰ সংঘৰ অধিৱেশনৰ গ্ৰন্থমেলাত “লালেটাপু যুদ্ধ”ৰ শুভ উন্মোচন

Spread the love

শংকৰ সংঘৰ অধিৱেশনৰ গ্ৰন্থমেলাত “লালেটাপু যুদ্ধ”ৰ শুভ উন্মোচন

 

গ্ৰন্থ মেলাৰ বাকৰিত অগণন লোকৰ সমাগম

 

জামুগুৰিহাট:

শোণিতপুৰৰ নদুৱাৰ সমষ্টিৰ জামুগুৰিহাটৰ নাহৰবাৰীৰ জ্যোতি-বিষ্ণু সমন্বয় ক্ষেত্ৰত কালিৰেপৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে শ্ৰীমন্তশঙ্কৰদেৱ সংঘৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশন ৷ এই অধিৱেশনৰ গ্ৰন্থ বিপনী ক্ষেত্ৰত আজি জামুগুৰিহাটৰ লেখক সাংৱাদিক ফণীন্দ্ৰ বৰুৱাই ঐতিহাসিক পটভূমিৰ ওপৰত লিখা “লালেটাপু যুদ্ধ” নামেৰে এখন অমূল্য গ্ৰন্থ শুভ উন্মোচন কৰা হয় ৷ গ্ৰন্থখনি শুভ উন্মোচন কৰে ৰঙাপৰা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ৰঞ্জন কলিতাই ৷ জামুগুৰিহাটৰ দক্ষিণ-পশ্চিম অঞ্চলৰ এসময়ৰ অসমীয়া মানুহৰ ভৰা গাওঁ কেনেকৈ অবৈধ বাংলাদেশীয়ে কাঢ়ি লয়,কেনেকৈ নামঘৰৰ ভূমি এৰি অসমীয়া মানুহ আতৰি আহিল,সাতজনকৈ পাহোৱাল অসমীয়াক কেনেকৈ সন্দেহজনক বাংলাদেশীয়ে হানি-খুচি নৃশংসভাৱে হত্যা কৰিলে,ব্ৰক্ষ্মপুত্ৰৰ বুকুত ফেৰীত কি দৰে অসমীয়াক কেনেকৈ খেদি খেদি নৃশংস আক্ৰমণ কৰিছিল, এই সকলো কথা গ্ৰন্থ খনিত সন্নিৱিষ্ট হৈছে। জানিব পৰা মতে উক্ত গ্ৰন্থ প্ৰকাশ হোৱাৰ পূৰ্বে গ্ৰন্থ খনে পাঠক সমাজক আগ্ৰহী কৰি তোলা পৰিলক্ষিত হৈছে। কিয়নো অসম আন্দোলনৰ ভৰপক সময়খিনি নিজ চকুৰে লেখকে প্ৰত্যক্ষ কৰিছিল বহু ঘটনা । জামুগুৰিহাটৰ বাবে কলা অধ্যয়ন আছিল সেই সময়খিনি । কিন্তু সেই সময়ৰ পিছৰ প্ৰজন্মই সেই সময়ত জাতিটোৰ ৰক্ষাৰ বাবে যিয়ে নিজৰ জীৱনটোৰ মোহ ত্যাগ কৰিছিল, যিয়ে অলেখ লাঞ্চনা সহি জাতিটোৰ বাবে ওলাই গৈছিল সেই অলেখ কথাই আজিও জ্ঞাত নহয় । লেখক, সাংবাদিক ফণীন্দ্ৰ বৰুৱাই বহু গৱেষণা কৰি প্ৰস্তুত কৰি উলিওৱা উক্ত গ্ৰন্থ খনৰ প্ৰতি পাঠক সমাজ আগ্ৰহী হৈ পৰিছে । আজি শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ অধিবেশনৰ প্ৰথম দিনটোতে অমূল্য গ্ৰন্থ খনিত উন্মোচন হোৱাত উৎফুল্লিত হৈ পৰিছে পাঠক সমাজ । গ্ৰন্থ উন্মোচনী সভাত অংশগ্ৰহণ কৰি বক্তব্য প্ৰদান কৰে শিক্ষক সমাজকৰ্মী নিতুমনি বৰা,শিল্পী পেঞ্চন প্ৰাপক তথা নাট্য শিল্পী শৈলেন বৰকটকী, যুৱ সাহিত্য একাডেমী বটা প্ৰাপক অঞ্জন বাচকোটা,সদৌ অসম মইনা পাৰিজাতৰ প্ৰাক্তন সভাপতি অটুল ভট্ৰাচাৰ্য ৷ অধিবেশনৰ প্ৰদৰ্শনিত গ্ৰন্থ খনি পোৱাৰ ব্যৱস্থা কৰা হৈছে । ‘লালেটাপু যুদ্ধ’ সাহিত্য জগতলৈ নিশ্চিত ভাৱে এখন উৎকৃষ্ট গ্ৰন্থ উপহাৰ বুলি কব পাৰি l

Leave a Reply

Your email address will not be published. Required fields are marked *