...

মমতা বেনাৰ্জীয়ে পশ্চিমবংগত গুণ্ডাৰাজ চলাইছে!

Spread the love

মমতা বেনাৰ্জীয়ে পশ্চিমবংগত গুণ্ডাৰাজ চলাইছে!

– ধুবুৰীত দিল্লীৰ আৰ কে পূৰমৰ বিজেপি বিধায়ক অনিল শৰ্মা

ধুবুৰী:

“মমতা বেনাৰ্জীয়ে পশ্চিমবংগত গুণ্ডাৰাজ চলাইছে। সম্পূৰ্ণ বাংলাদেশ তেখেত পশ্চিমবংগত বহাই দিছে।” আজি ধুবুৰীত সংবাদ মাধ্যমৰ সন্মুখত এই বিস্ফোৰক মন্তব্য আগবঢ়ায় দিল্লীৰ আৰ. কে. পূৰমৰ বিজেপি বিধায়ক অনিল শৰ্মাই। অসম, উত্তৰ-পূৰ্বাঞ্চলকে ধৰি দিল্লীত থকা অবৈধ বাংলাদেশী প্ৰসংগত সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত শৰ্মাৰ স্পষ্ট উত্তৰ, “এই যে বাংলাদেশী, দিল্লীতো অসমতো আৰু দেশৰ বহু অঞ্চলত আছে; তেওঁলোকে ভূয়া নথিপত্ৰ বনাবলৈ চেষ্টা কৰি আছে – পূৰ্বৰ কংগ্ৰেছৰ চৰকাৰৰ দিনত কোনোবাই কোনোবাই তেওঁলোকক সহায় কৰি নথিপত্ৰ বনাই দিছে; সেইবোৰ এতিয়া তদন্ত কৰা হ’ব। যিসকল আমাৰ প্ৰকৃত মুছলমান ভাই, তেওঁলোকৰ বাবে দেশ, এই চৰকাৰখন বিৰোধী নহয়; বিৰোধী হ’ব নোৱাৰে; তেওঁলোকৰ লগত আছে। কিন্তু যিসকল বাংলাদেশী – এই দেশখনলৈ আহিছে, অবৈধ ভাবে অনুপ্রবেশ কৰিছে; যি সুযোগ আমাৰ দেশৰ নাগৰিকে পাব লাগে, ক’বাত নহয় ক’বাত সেয়া ভাগ হৈ আছে, লোকচান হৈ আছে। দিল্লীত এতিয়া এছআইআৰ আৰম্ভ হৈছে। অসমত এছআইআৰ হৈ নাই, কিন্তু ইয়াত খৰচি মাৰি ভোটাৰ তালিকাৰ পৰীক্ষণ চলি আছে। মাননীয় মুখ্যমন্ত্রী ডাঙৰীয়াই সদায় এয়া কয়; সম্প্ৰতি মাননীয় গৃহমন্ত্ৰী ডাঙৰীয়া অসমলৈ আহি এয়া কৈছে, পশেচমবংগতো কৈছে – মোৰ সম্পূৰ্ণভাবে বিশ্বাস আছে – আহি থকা সময়ত এজনো বাংলাদেশী হিন্দুস্তানত নাথাকিব। আনহাতে, অসম কংগ্ৰেছ সভাপতি তথা সাংসদ গৌৰৱ গগৈৰ পাকিস্তান সংযোগৰ ওপৰত শুধা এক প্ৰশ্নত বিধায়ক শৰ্মাৰ মন্তব্য, “গগৈজীয়েই হোক, বা ৰাহুল গান্ধীজীয়েই হোক; এওঁলোক সকলোৱে এক্সপোজ হৈ গৈছে।”
উল্লেখ্য যে বিজেপিৰ ধুবুৰী জিলা কাৰ্য্যলয়ত কেন্দ্ৰীয় বাজেটক লৈ আয়োজন কৰা এখন বিশেষ সংবাদমেলত অংশগ্ৰহণ কৰি বিধায়ক অনিল শৰ্মাই বাজেটখনৰ বিভিন্ন ইতিবাচক দিশৰ ওপৰত আলোকপাত কৰে। উক্ত বৈঠকখনত ধুবুৰীৰ গোলকগঞ্জৰ প্ৰাক্তন বিধায়ক অশ্বিনী ৰায় সৰকাৰেও কেন্দ্ৰীয় বাজেটখনত অসমৰ বাবে থকা বিভিন্ন বিন্দুবোৰৰ বিষয়ে আলোকপাত কৰে। আজিৰ সেই সংবাদমেলখনত বিজেপিৰ ধুবুৰী সাংগঠনিক জিলাৰ সভাপতি ৰঞ্জিত কুমাৰ ৰায়, দলটোৰ ৰাজ্যিক সংবাদ বিভাগৰ মুখপাত্ৰ বিশ্বজিৎ ৰায়, বিজেপিৰ ধুবুৰী জিলাৰ প্ৰাক্তন সভাপতি প্ৰসেনজিৎ দত্ত, বিজেপি সংবাদ বিভাগৰ জিলা আহ্বায়ক বাস দাস প্ৰমুখ্যে দলটোৰ জিলা পৰ্যায়ৰ কেইবাগৰাকী কাৰ্যকৰ্তা উপস্থিত আছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *