মায়া নগৰী মুম্বাইত পৰম্পৰাগত ভাৱে মে-ডাম-মে-ফী উৎযাপন
চাইন অন ডেস্ক:
মায়া নগৰী মুম্বাইত অসমীয়া সমাজৰ মে-ডাম-মে-ফী উৎযাপন । পৰম্পৰাগত সাজপাৰ পৰিধানেৰে পূৰ্বপুৰুষক স্মৰণ। জাতি ধর্ম-বর্ণ নির্বিশেষে মুম্বাইৰ সকলো অসমীয়ালোক একত্ৰিত হৈ নবী মুম্বাইৰ খাৰঘৰত তাই আহোমসকলৰ ধৰ্মীয় উৎসৱ মে-ডাম-মে-ফী উৎসৱ 

সমিতিৰ সাধাৰণ সম্পাদক ৰজনীকান্ত বৰগোহাঁয়ে আত ধৰা অনুষ্ঠানত
তাই আহোমৰ জাতীয় সংগীত ‘ম’ খাম ফান ত্তাই মীঙ’ পৰিৱেশন কৰা হয়। পৰম্পৰাগত বিধি অনুসৰি স্থানীয় ম’ লুঙ মান লক্ষেশ্বৰ মহন, কৰুণা কান্ত গগৈ আৰু ৰজনীকান্ত বৰগোহাঁয়ে ক্রমে ‘খাও-খাম’, ‘আই-লেঙ-দিন’, ‘জান-ছাই-হুঙ’, ‘লেঙ-ডন’, ‘চিত লাম ছাম’, ‘মুট-কুম টাই-কুম’, ‘জা-ছিঙ-ফা’ ‘ডাম-ফী’, ‘ৰা-খিন আৰু বা-খিন স্থাপন কৰি তৰ্পণ কৰে। তৰ্পণৰ শেষত লুক-লাও তথা সাজ , প্রসাদ হিচাপে বিতৰণ কৰা হয়। সমিতিৰ কাৰ্যকৰী সভাপতি প্রফুল্ল বৰগোহাঁইৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত জ্যেষ্ঠ বিজ্ঞানী
অনন্ত বৰগোহাঁই আৰু প্রদীপ কলিতাই মে-ডাম-মে-ফী তাৎপর্য্য ব্যাখা কৰে। ঘনশ্যাম পেগুৱে তেওঁৰ ভাষণত দদগাং, দুবৰ পূজা আৰু মে-ডাম-মে-ফীৰ তুলনামুলক আলোচনা আগবঢ়ায়। সভাত অঞ্জলী সন্দিকৈৰ নেতৃত্বত খাৰঘৰৰ মহিলাসকলে সমৱেত সংগীত, নিবেদিতা হাজৰিকা আৰু ডঃ গৌতম কলিতাই গীত পৰিবেশন কৰে। কণমানি শিল্পী ভাশ্বতী গগৈয়ে তাই আহোম নৃত্য পৰিবেশন কৰি সৌষ্ঠৱ বৃদ্ধি কৰে। অতিথি সকলৰ মাজত বার্তালাপ তথা এক মত বিনিময় আৰু মে-ডাম-মে-ফীৰ তাৎপর্য শীর্ষক এখনি ৰচনা 
