ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ জালান আউটডৰ ষ্টেডিয়ামত চলি থকা অসম প্ৰিমিয়াৰ ক্লাব চেম্পিয়নশ্বিপৰ প্ৰথম ৰাউণ্ডৰ খেলত ক্ৰিকেট ক্লাৱ অৱ ডিব্ৰুগড় ( চিচিডি) চেম্পিয়ন হয়। ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত তথা অসম ক্ৰিকেট সন্থাৰ তত্বাৱধানত অনুষ্ঠিত হোৱা দুদিনীয়া ফাইনেল খেলখনত আজি চিচিডি দলে ক্ৰিকেট ক্লাৱ অৱ ডিব্ৰুগড় ক্ৰিকেট একাডেমীৰ দলক এক ইনিংছ আৰু ১৮৯ ৰাণত পৰাস্ত কৰে। কালি প্ৰথমদিনা চিচিডি ক্ৰিকেট একাডেমীয়ে প্ৰথম ইনিংছত সকলো উইকেট হেৰুৱাই মাত্ৰ ৯০ ৰাণ সংগ্ৰহ কৰে। দলৰ হৈ কাৰ্তিক কুমাৰ প্ৰসাদে সৰ্বাধিক ৩০ ৰাণ কৰে। চিচিডি দলৰ হৈ অধিনায়ক গুঞ্জন জ্যোতি ডেকাই ৫ টা আৰু মানৱ বৰ্মণে ৪ টা উইকেট লাভ কৰে। ইফালে চিচিডি দলে কালিৰে পৰা তেওঁলোকৰ প্ৰথম ইনিংছ আৰম্ভ কৰি আজি ৪১০ ৰাণত সকলো উইকেট হেৰুৱায়। দলৰ হৈ অঙ্কুশ মজুমদাৰে ১১৫ ৰাণৰ সুন্দৰ শতক অৰ্জন কৰাৰ উপৰিও অপেনাৰ এৰিক ৰয়ে ৭১ ৰাণ আৰু ক্ৰমে জয় বৰুৱা আৰু সুনীল লাচিতে গাইপতি ৫২ ৰাণ কৰে। একাডেমীৰ প্ৰাচুৰ্য্য বৰুৱা আৰু অধিনায়ক অভিষেক যাদৱে গাইপতি ৩ টাকৈ উইকেট লাভ কৰে।ইয়াৰ পিছতে চিচিডি ক্ৰিকেট একাডেমীয়ে তেওঁলোকৰ দ্বিতীয় ইনিংছ আৰম্ভ কৰি সকলো উইকেট হেৰুৱাই ১৩১ ৰাণ কৰে। চিচিডিৰ সুনীল লাচিতে ৬ টা উইকেট লাভ কৰে। ইয়াৰ পিছতে অনুষ্ঠিত বঁটা বিতৰণী অনুষ্ঠানত ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ সভাপতি নিৰঞ্জন শইকীয়া, অতিথি অসম চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক ডাক্তৰ ধ্ৰুৱজ্যোতি ভূঞা, প্ৰাক্তন ক্ৰিকেটাৰ তথা বিশিষ্ট সাংবাদিক প্ৰবীৰ কুমাৰ চক্ৰৱৰ্তীকে ধৰি সন্থাৰ কাৰ্যকৰী সভাপতি মানস জ্যোতি দত্ত, ভাৰপ্ৰাপ্ত সম্পাদক অঞ্জন কুমাৰ বৰুৱা, উপ সভাপতি ইমদাদ আহমেদ, কোষধ্যক্ষ প্ৰণৱ সোনোৱাল আদিয়ে চেম্পিয়ন আৰু ৰানাৰ্ছ আপ দল আৰু খেলুৱৈ সকলক বঁটা প্ৰদান কৰে। বঁটা বিতৰণী অনুষ্ঠানতে প্ৰবীণ ক্ৰিকেটাৰ তথা বিশিষ্ট সাংবাদিক প্ৰবীৰ কুমাৰ চক্ৰৱৰ্তীক ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয় । সুনীল লাচিতে ফাইনেলৰ মেন অৱ দা মেটচ পুৰস্কাৰ লাভ কৰাৰ উপৰিও গুঞ্জন জ্যোতি ডেকাই শ্ৰেষ্ঠ বেটাৰ, সুনীল লাচিতে শ্ৰেষ্ঠ বলাৰ, সুনীল লাচিতে মেন অৱ দা ছিৰিজ আৰু কাৰ্তিক কুমাৰ প্ৰসাদে শ্ৰেষ্ঠ ফিল্ডাৰ বঁটা লাভ কৰে। উল্লেখযোগ্য যে, ডিব্ৰুগড়ত অনুষ্ঠিত অসম প্ৰিমিয়াৰ ক্লাব চেম্পিয়নশ্বিপৰ প্ৰথম ৰাউণ্ডৰ খেলত এইবাৰ ১১ গৰাকী বেটাৰে শতক অৰ্জন কৰাৰ উপৰিও ৮ গৰাকী বলাৰে ৫ টা ততোধিক উইকেট লাভ কৰিবলৈ সক্ষম হয়। এওঁলোকক জিলা ক্ৰীড়া সন্থাৰ তৰফৰ পৰা পুৰস্কাৰ প্ৰদান কৰা হয়। ইয়াৰোপৰি, ইয়াৰ পূৰ্বে অনুষ্ঠিত হোৱা ভাৰত দত্ত সোঁৱৰণী ১৪ বছৰৰ অনুৰ্ধ্ব ক্ৰিকেট প্ৰতিযোগিতাত শতক অৰ্জন কৰা দুগৰাকী বেটাৰকো পুৰস্কৃত কৰা হয়।
Your email address will not be published. Required fields are marked *
Comment *
Name *
Email *
Website
Save my name, email, and website in this browser for the next time I comment.