খটখটিত ভয়ংকৰ পথ দুৰ্ঘটনা:থিতাতে নিহত ১
বোকাজানৰ পৰা অনুৰাগ ভূঞা:
বোকাজান মহকুমাৰ খটখতি আৰক্ষী থানাৰ অন্তৰ্গত ৰাজপেলেছ হোটেলৰ সমীপত সংঘটিত হয় এক ভয়ঙ্কৰ পথ দুৰ্ঘটনাত থিতাতে নিহত এজন স্কুটি আৰোহি।
AS09H 0907 নম্বৰৰ এখন স্কুটিত দুজনকৈ কৰ্মচাৰী কিছু সামগ্ৰী দোকানলৈ গৈ থকা অৱস্থাত একে দিশৰ পৰা তীব্ৰবেগত আহি থকা NL01 DA 0763 নম্বৰৰ এখন হাইড্ৰা বাহনে অতিক্ৰম কৰিবলৈ যাওঁতে স্কুটি বাহনখন বাগৰি পৰে, যাৰ ফলত স্কুটি বাহনখনত আৰোহি হিচাপে থকা বিপুল খাৰিয়া নামৰ যুৱকজন থিতাতে নিহত হোৱাৰ লগতে আনজন লোক সামান্য পৰিমানে আঘাটপ্ৰাপ্ত হয়।
বৰ্তমান নিহত হোৱা যুৱকজনৰ মৃতদেহ খটখতি আৰক্ষী উপস্থিত হৈ নিজৰ জিম্মাত লৈ মৰুণোত্তৰ পৰীক্ষাৰ বাবে ডিফুলৈ প্ৰেৰণ কৰে।
Like this:
Like Loading...