...

বৰপেটাৰ বাঘবৰ আৰক্ষীৰ সফলতা

Spread the love

বৰপেটাৰ বাঘবৰ আৰক্ষীৰ সফলতা

এগৰাকী ড্ৰাগছ সৰবৰাহকাৰীক আটক
বৰপেটা:

বৰপেটা জিলাৰ বাঘবৰ আৰক্ষী থানাৰ অধীনস্থ সত্ৰকণৰা ৬ নং চিটৰ এখন পকী দলংৰ সমীপৰ পৰা নিশা ভাগত এগৰাকী ড্ৰাগছ সৰবৰাহকাৰীক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় । এক গোপন সূত্ৰৰ ভিত্তিত বাঘবৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মনোজ ফুকনৰ নেতৃত্বত অহা এটি আৰক্ষীৰ দলে সত্ৰকণৰা গাঁৱৰ লোকমান হুছেইন (৩৬)নামৰ লোক জনক ৩.৫৯১ গ্ৰাম সন্দেহযুক্ত হেʼৰইনসহ জালত পেলাবলৈ সক্ষম হয়। উল্লেখ্য যে দীৰ্ঘদিন ধৰি লোকমান হুছেইন নামৰ লোক জন ড্ৰাগছ সৰবৰাহৰ লগত জড়িত হৈ সামাজিক পৰিৱেশ কলুষিত কৰি অহাৰ অভিযোগ উত্থাপিত হৈছে। পৰৱৰ্তী সময়ত আৰক্ষীয়ে সৰবৰাহকাৰী জনক ঘটনাস্থলীৰ পৰা থানালৈ লৈ যায় । ইফালে আৰক্ষীয়ে এখন গোচৰ পঞ্জীয়ন কৰি হুছেইনক জেল হাজোতলৈ প্ৰেৰণ কৰে। অৱশ্যে এই সন্দৰ্ভত বাঘবৰ আৰক্ষীয়ে আৰু অধিক তদন্ত অব্যাহত ৰাখিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *