...

২৫ জানুৱাৰীত শুভ উদ্বোধন কোকৰাঝাৰ নৱনিৰ্মিত চিলাৰায় ভৱন

Spread the love

২৫ জানুৱাৰীত শুভ উদ্বোধন কোকৰাঝাৰ নৱনিৰ্মিত চিলাৰায় ভৱন

 

প্ৰদৰ্শিত হ’ব কোচ ৰাজবংশী জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতি

বাসুগাঁও:

অসম চৰকাৰৰ অধীনস্থ কোঁচ ৰাজবংশী উন্নয়ন পৰিষদৰ উন্নয়ন পূজিৰ দ্বাৰা কোঁচ ৰাজবংশী কালচাৰেল ছ’চাইটিৰ কোকৰাঝাৰৰ ডিমলগাঁ‌ স্থিত মুখ্য কাৰ্যালয় চৌহদত নিৰ্মিত ‘চিলাৰায় ভৱন’টি অহা ২৫ জানুৱাৰী দিনা শুভ উদ্বোধন কৰা হ’ব । দুই কোটি দহ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মিত ভৱনটি সিদিনা দিনৰ ১১ বজাত শংখ উৰুলিৰ ধ্বনিত ফিটাকাটি উদ্ধোধন কৰিব কোঁচ ৰাজবংশী উন্নয়ন পৰিষদৰ অধ্যক্ষ কুমাৰ প্ৰণৱ নাৰায়ণ দেৱে । ইয়াৰ অন্তত মুকলি সভা অনুষ্ঠিত হ’ব । বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব কুমাৰ প্ৰণৱ নাৰায়ণ দেৱ, বি টি চিৰ কাৰ্যবাহী সদস্য দেৰহাছাৎ বসুমতাৰী । ইয়াৰোপৰি কোঁচ ৰাজবংশী সাহিত্য সভাৰ সভাপতি ড০ দ্বিজেন্দ্ৰ নাথ ভকত, নেপালৰ ৰাজবংশী সমাজ বিকাশ সমিতিৰ সম্পাদক চন্দ্ৰ প্ৰসাদ ৰাজবংশী, সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ সভাপতি ৰাণাদিত্য দেব বৰ্মন, আক্ৰাছুৰ সভাপতি মনোজ ৰায়, সম্পাদক বলোৰাম বৰ্মন আৰু কোচ ৰাজবংশী উন্নয়ন পৰিষদৰ সদস্য দুৰ্বাসা মোহন ৰায় সম্মানীয় অতিথি হিচাপে উপস্থিত থাকিব । উল্লেখযোগ্য যে ইয়াৰ প্ৰাকমুহূৰ্তত ৰাতিপুৱা কোঁচ ৰাজবংশী কালচাৰেল ছ’চাইটিৰ পতাকা উত্তোলন আৰু শ্বহীদ তৰ্পণ কৰা হ’ব । পতাকা উত্তোলন কৰিব চছাইটিৰ সভাপতি বুদ্ধেশ্বৰ ৰায় আৰু শ্বহীদ তৰ্পণ কৰিব আদৰণি সমিতিৰ সভাপতি শৰৎ চন্দ্ৰ ৰায় । গছপুলি ৰোপণ কৰিব আদৰণি সমিতিৰ উপ-সভাপতি ৰাজেন্দ্ৰ অধিকাৰী । কোচ ৰাজবংশী সাংস্কৃতিক সন্থাৰ শিল্পী সকলে কুশান, কাৰ্তিকা, গোৱালিনী আৰু হুদুম নৃত্য-গীত পৰিৱেশন কৰি অনুষ্ঠানটিৰ সৌষ্ঠৱ বৃদ্ধি কৰিব । এই কথা কোচ ৰাজবংশী কালচাৰেল ছ’চাইটিৰ সম্পাদক (মাড়েয়া) দ্বীপপুঞ্জ ৰায় আৰু চিলাৰায় ভৱন উদ্বোধনী অনুষ্ঠানৰ আদৰণি সমিতিৰ সম্পাদক মিথুন চন্দ্ৰ ৰায়ে এক পত্ৰৰ জৰিয়তে জানিবলৈ দিয়ে ।

Leave a Reply

Your email address will not be published. Required fields are marked *