বালিপৰাত দুশৰো অধিক চৰাই চিৰিকটিৰ অস্বাভাৱিক মৃত্যু!
প্ৰকৃতিপ্ৰেমীৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া
*বালিপৰা:*

দ’ -পথাৰত সংঘটিত হৈছে এই হৃদয়বিদাৰক ঘটনাটো । ইতিমধ্যে কপৌ চৰাই,ঘনচিৰিকা,কনামুচৰিৰ লগতে এন্দুৰৰকে আদি কৰি দুশৰো অধিক চৰাই- চিৰিকটিৰ মৃত্যু ঘটাত চিন্তিত হৈ পৰিছে স্থানীয় ৰাইজ। আনহাতে পশু-পক্ষীৰ এনেধৰণৰ অস্বাভাৱিক মৃত্যুৰ কাৰণ বাতৰি লিখাৰ সময়লৈকে জানিব পৰা হোৱা নাই। চৰাই চিৰিকটিৰ এনে অস্বাভাৱিক মৃত্যুত চিন্তিত হৈ পৰিছে প্ৰকৃতি প্ৰেমীসকল ৷
