...

ৰাজাবালাত দিলচেং এম চাংমাৰ মৃত্যু

Spread the love

ৰাজাবালাত দিলচেং এম চাংমাৰ মৃত্যু

ন্যায়ৰ দাবীত গাৰো পাহাৰ জিলাৰ এনজিঅ’ৰ প্ৰতিবাদ,কেণ্ডেল ৰেলি

*মানকাচৰ:*

পশ্চিম গাৰো পাহাৰ জিলাৰ দাদেংৰে অঞ্চলৰ বিভিন্ন সামাজিক সংগঠন, এনজিঅ’সমূহে চৰকাৰ আৰু প্ৰশাসনক এক তীব্ৰ সতৰ্কবাণী জাৰি কৰিছে।
যোৱা কেইবা দিন আগতে নিয়ামগ্ৰেত শিলৰ অবৈধ খনন কাৰ্য ৰোধ কৰিবলৈ গৈ মৃত্যুক সাৱটি লোৱা প্ৰয়াত দিলচেং এম চাংমাৰ মৃত্যুক লৈ উচিত তদন্ত আৰু ন্যায় প্ৰদানত বিভিন্ন প্ৰান্তত প্ৰতিবাদ তথা কেণ্ডেল ৰেলি আয়োজন কৰা হয়।
প্ৰাপ্ত তথ্য অনুসৰি, দিলচেং এম চাংমা নিয়ামগ্ৰে অঞ্চলত চলি থকা শিলৰ খনন কাৰ্যৰ বিৰোধিতা কৰি আহিছিল। এই খনন কাৰ্য বন্ধ কৰাৰ কামত নিয়োজিত হৈ থকা অৱস্থাতে তেওঁৰ মৃত্যু ঘটে। স্থানীয় এনজিঅ’ আৰু ৰাইজৰ অভিযোগ যে এইটো কেৱল এক সাধাৰণ মৃত্যু নহয়, ইয়াৰ আঁৰত গভীৰ ৰহস্য থাকিব পাৰে।

চৰকাৰে যদি দিলচেং এম চাংমাৰ পৰিয়ালক উচিত ন্যায় আৰু ঘটনাৰ সঠিক তদন্তৰ প্ৰতিশ্ৰুতি নিদিয়ে, তেন্তে তেওঁলোকে ইয়াক মানি নলয়।
যদিহে প্ৰশাসনৰ তৰফৰ পৰা কোনো ইতিবাচক পদক্ষেপ গ্ৰহণ কৰা নহয়, তেন্তে অনাগত দিনত সমগ্ৰ গাৰো পাহাৰ জুৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হ’ব।
এই ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। স্থানীয় ৰাইজেও এনজিঅ’সমূহৰ এই দাবীক সমৰ্থন জনাইছে। পৰিৱেশ সুৰক্ষা আৰু স্থানীয় লোকৰ স্বাৰ্থত কাম কৰা এজন ব্যক্তিৰ এনে মৃত্যুত এতিয়া ন্যায়ৰ দাবীত গাৰো পাহাৰৰ জনসাধাৰণ একগোট হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *