ভূপাল আৰক্ষীৰ জালত মৈৰাবাৰীৰ চাইবাৰ অপৰাধী!
জব্দ সক্ৰিয় চিম কাৰ্ড, মোবাইল ফোন, বেংক পাচবুক
*মৰিগাঁও:*

দলটোৰ উদ্দেশ্য আছিল ভূপাল আৰক্ষী থানাত ৰুজু হৈ থকা ভাৰতীয় ন্যায় সংহিতাৰ ধাৰা ৩০৮(২),৩১৮(৪),৩১৯(২),৩৩৬(৩),৩৪০(২) ৰ অধীনত ৰুজু হৈ থকা ২১৬/২৫ নম্বৰ গোচৰৰ আচামীক কৰায়ত্ব কৰা। ২১ বছৰীয়া অভিযুক্ত ইব্ৰাহিম আলীৰ ঘৰ মৈৰাবাৰী থানা এলেকাৰ অধীনস্থ গুনাইবৰী গাৱত।
দলটোৱে মৈৰাবাৰী আৰক্ষীৰ সহযোগত মঙলবাৰে পুৱতি নিশা অভিযান চলাই মৈৰাবাৰী থানা এলেকাৰ গুনাইবৰী গাঁৱৰ ৭ নং ৱাৰ্ডৰ পৰা পলাতক আচামী ইব্ৰাহিম আলীক কৰায়ত্ত কৰে। এই ইব্ৰাহিম আলীৰ বিৰুদ্বেই ভূপাল থানাত ৰুজু হৈ আছে চাইবাৰ সংক্ৰান্তীয় গোচৰ।
ইব্ৰাহিম আলীৰ বিৰুদ্ধে বিভিন্ন লোকক অনিয়মেৰে মোবাইলৰ চিম কাৰ্ড যোগান ধৰাৰ অভিযোগ আছে। ইয়াৰোপৰি মোবাইল ফোনৰ চিম কাৰ্ডৰ জৰিয়তে বিভিন্ন লোকক অটিপি যোগান ধৰাৰো অভিযোগ আছে ধৃত লোকজনৰ বিৰুদ্ধে।
ইব্ৰাহিম আলীৰ কবলৰ পৰা ভূপাল আৰক্ষীৰ অভিযানকাৰী দলটোৱে ৮৯ টা মোবাইলৰ সক্ৰিয় চিম কাৰ্ড, বন্ধন বেংকৰ এটা পাচবুক, ৩ টা মোবাইল ফোন আৰু ইয়েছ বেংকৰ এটা কিউআৰ কোড জব্দ কৰিছে।
নীতি বহিৰ্ভূত ভাৱে চিম কাৰ্ড যোগান ধৰা ইব্ৰাহিম আলীক ভূপাল আৰক্ষীয়ে ভূপাল লৈ যোৱা বুলি জনা গৈছে।
চাইবাৰ অপৰাধেৰে বিভিন্ন সময়ত বাতৰিৰ শিৰোনাম দখল কৰা মৈৰাবাৰী থানাৰ নাম পোহৰলৈ আহিছে এইবাৰ ২১ বছৰীয়া ইব্ৰাহিম আলীৰ কৰ্মকাণ্ডৰ ফলত।