...

ডিব্ৰুগড় সাহিত্য সভাত অনুষ্ঠিত শিল্পী দিৱস

Spread the love

ডিব্ৰুগড় সাহিত্য সভাত অনুষ্ঠিত শিল্পী দিৱস

জ্যোতি চিত্ৰবনৰ উপাধ্যক্ষ সুনীল ৰাজকোঁৱৰৰ কাৰ্যসূচী উদ্বোধন

*চাইন অন ডেস্ক:*

শিল্পীৰ খনিকৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ মৃত্যু তিথিটো ঐতিহ্যমণ্ডিত ডিব্ৰুগড় সাহিত্য সভাত দিনযোৰা কাৰ্যসূচীৰে পালন কৰা হয়। পুৱাৰ ভাগত জ্যোতি প্ৰসাদ আগৰৱালাৰ জন্ম গৃহ তামোল বাৰী চাহ বাগিচাত তেখেতৰ আবক্ষ্য মূৰ্ত্তিত বন্তি প্ৰজ্বলন কৰে ডিব্ৰুগড় সাহিত্য সভাৰ উপ-সভাপতি যাদৱ গগৈ আৰু মাল্যাৰ্পণ কৰে ডিব্ৰুগড় সাহিত্য সভাৰ সাংগঠনিক সম্পাদক মুক্তামণি হাজৰিকাই। ইয়াৰ পাছতে আবেলিলৈ ডিব্ৰুগড় সাহিত্য সভাৰ লক্ষ্মীনাথ বেজবৰুৱা ভৱনত ডিব্ৰুগড় সাহিত্য সভাৰ সম্পাদক ৰাতুল বুঢ়াগোহাঁইয়ে আঁত ধৰা

অনুষ্ঠানত চিৰ চেনেহী মোৰ ভাষা জননী পৰিবেশনৰ পাছতে আদৰণি ভাষণ প্ৰদান কৰে সভাপতি জ্যোতি বৰগোহাঁইয়ে।জ্যোতি প্ৰসাদ আগৰৱালাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে বিশিষ্ট নিবন্ধকাৰ,শিক্ষক তথা ডিব্ৰুগড় সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক চন্দন ফুকনে। তেওঁ বন্তি প্ৰজ্বলন কৰি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ সৃষ্টি ৰাজীৰ বিষয়ে চমু বক্তব্য প্ৰদান কৰে। জ্যোতি চিত্ৰবনৰ উপাধ্যক্ষ সুনীল ৰাজকোঁৱৰে শিল্পী দিৱস উপলক্ষে অনুষ্ঠিত হোৱা সাংস্কৃতিক কাৰ্যসূচী উদ্বোধন কৰি কয় যে,
অসমীয়া জাতি থকালৈকে জ্যোতি প্ৰসাদ আগৰৱালাৰ সৃষ্টি ৰাজিক স্মৰণ কৰি থাকিব। জ্যোতি প্ৰসাদ আগৰৱালা কায়িক ভাবে আমাৰ মাজত নাই, যদিও অসমীয়া জাতিৰ মাজত সদায় সজীৱ হৈ থাকিব।

ডিব্ৰুগড়ৰ পবিত্ৰ ভূমি তামোলবাৰী চাহ বাগিছাত জন্ম গ্ৰহণ কৰা মনিষী ব্যক্তি গৰাকীয়ে পৰৱৰ্তী সময়ত অসমীয়া ভাষা সাহিত্য সংস্কৃতি জগতত চিৰ জ্যোতিষ্মান আগৰৱালাদেৱক
যুগে যুগে বন্দনা কৰিব অসমীয়া জাতিয়ে। বৰ্তমানেয়ো অসমত ব্যৱসায় সূত্ৰে বা অন্য কাৰণত বসবাস কৰা বহু মাৰোৱাৰী সম্প্ৰদায়ৰ লোকে অসমীয়া ভাষাত কথা পাতিব নোৱাৰে, কিন্তু জ্যোতি প্ৰসাদ আগৰৱালাই সেই সময়তেই

অসমীয়া ভাষা সাহিত্য সংস্কৃতি বাবে যি কৰি গল সেইয়া কোনো কালে কোনেও ক্ষয় কৰিব নোৱাৰে বুলি কয়।
তেওঁ উপস্থিত ছাত্ৰ- ছাত্ৰী আৰু যুৱ প্ৰজন্মৰ প্ৰতিনিধি সকলক জ্যোতি প্ৰসাদ আগৰৱালাকে প্ৰমুখ্যে কৰি মহৎ ব্যক্তি সকলৰ জীৱনী অধ্যয়ন কৰিবলৈ অনুৰোধ জনায়। ঐতিহ্যমণ্ডিত ডিব্ৰুগড় সাহিত্য সভা,ডিব্ৰুগড় সংগীত শিক্ষাৰ এক অন্যতম শিক্ষানুষ্ঠান স্বৰগম সংগীত বিদ্যালয় আৰু নৃত্য শিক্ষাৰ অন্যতম শিক্ষানুষ্ঠান নৃত্যাংগন কলা কেন্দ্ৰৰ উদ্যোগত যৌৰ্থ ভাৱে অনুষ্ঠিত হোৱা শিল্পী দিৱসৰ কাৰ্যসূচীৰ উদ্বোধনী অনুষ্ঠানত অৰুণাচল প্ৰদেশৰ চিয়াং বৃহৎ নদীবান্ধ বিৰোধী মঞ্চৰ নেতা টাকিক পাৰবিন,নৃত্যাংগন কলা কেন্দ্ৰৰ ৰুবী গগৈ সন্দিকৈ, ডিব্ৰুগড় সাহিত্য সভাৰ উপ-সভাপতি যাদৱ গগৈ,
স্বৰগম সংগীত বিদ্যালয়ৰ দিগন্ত চেতিয়া, বিশিষ্ট তবলা বাদক দেৱজিৎ দাস, বিশিষ্ট গীতাৰিষ্ট কৃষ্ণ নাৰায়ণ বৰুৱা, উপস্থিত থাকে। অনুষ্ঠানত প্ৰাণকিত শইকীয়া, মন ময়ুৰী সন্দিকৈ,ৰাকেশ পাত্ৰ,দীপঞ্জলী দাস, আকাংক্ষা

প্ৰাপ্তি,তৃষা দৰ্শী গগৈয়ে জ্যোতি সংগীত পৰিৱেশন কৰা লগতে আদ্যাশা চেতিয়াই কবিতা আবৃত্তি কৰে। আনহাতে নৃত্যাংগন কলা কেন্দ্ৰৰ শিক্ষাৰ্থী সকলৰ দ্বাৰা কেইবাটাও নৃত্য পৰিবেশন কৰি অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰে। অনুষ্ঠানত ডিব্ৰুগড় সাহিত্য সভাৰ সহকাৰী সম্পাদক মীনাক্ষী দাস বৰুৱা, পত্ৰিকা সম্পাদক অৰ্পণা ফুকন দাস, বনলতা হাজৰিকা,লুকুমণি গগৈ হাজৰিকা, জানমণি ফুকন, সংঘমিত্ৰা বৰা বৰগোহাঁই,চিত্ৰামণি হাজৰিকা, দয়াপ্ৰিতী গগৈ, ভূৱন জ্যোতি বৰুৱা,সাংবাদিক প্ৰশান্ত শইকীয়াকে প্ৰমুখ্য কৰি বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *