...

দুটি শিশুৰ মৃত্যুক লৈ তীব্ৰ চাঞ্চল্য

Spread the love

দুটি শিশুৰ মৃত্যুক লৈ তীব্ৰ চাঞ্চল্য

 

অঞ্চলটোত গভীৰ শোকৰ বন্যা

*চাইন অন ডেস্ক:*

কামৰূপৰ টুপামাৰী আৰক্ষী চকীৰ অন্তৰ্গত বদলা পথাৰ টিয়াপাৰাত বিয়পে শোকৰ ছাঁ, এটা পথ দুৰ্ঘটনাত প্ৰাণ গল দুই শিশুৰ, গুৰুতৰভাৱে আহত হয় ৬ জনকৈ লোক।
প্ৰাপ্ত তথ্য অনুসৰি কৰ্মসুত্ৰে গাঁৱখনৰ জহিৰুল ইছলাম আৰু আইনুদ্দিন শ্বিলঙৰ লাটুমবাইত থাকে।বিহুৰ বন্ধত দুয়োৰে দুই কন্যা মা-দেউতাকক চাবলৈ বুধবাৰে শ্বিলং যাবলৈ লওতেই বলেৰ’ বাহনখন শ্বিলংৰ বাইপাছত নিয়ন্ত্ৰণ হেৰুৱাই এখন ট্ৰাকৰ লগত খুন্দা মাৰি ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয় আৰু
থিতাতে আয়সা ছিদ্দিকা (৯) আৰু জেমিনা খাতুন (৭) নামৰ দুই শিশুয়ে মৃত্যুক সাৱটি লয়।লগতে গাড়ীত থকা চালক সহ ৬ জনকৈ লোক গুৰুতৰভাৱে আহত হয় আৰু আহত সকলক ততালিকে শ্বিলং চিকিৎসালয়ত ভৰ্ত্তি কৰোৱা হয়।যোৱা নিশা মৃত শিশু দুজনীৰ মৃতদেহ নিজ গৃহলৈ নিয়া হয় আৰু ৰাতিয়েই দুয়োৰে সৎকাৰো কৰা হয়। শিশু দুগৰাকীৰ মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *