...

এনেকৈয়ে চলিছে ডিব্ৰুগড়ৰ পুলিচ প্ৰশাসন!

Spread the love

 

এনেকৈয়ে চলিছে ডিব্ৰুগড়ৰ পুলিচ প্ৰশাসন!

 

ভুৱা সংগঠনৰ নামত লাখ লাখ টকা সংগ্ৰহ
উৱাদিহেই উলিয়াব নোৱাৰিলে আৰক্ষীয়ে

 

*চাইন অন ডেস্ক:*

কোনো ৰাজহুৱা অনুষ্ঠানে কোনো ৰাজহুৱা স্বাৰ্থত ৰাইজৰ পৰা ধন সংগ্ৰহ নীতিগতভাৱে কৰিবলৈ গ’লে যি সময়ত জিলা আৰু পুলিচ প্ৰশাসনৰ পৰা অনুমতি লোৱাৰ ক্ষেত্ৰত যি অসুবিধাৰ সন্মুখীন হ’ব লগা হয়, তেনে সময়তে দেখা গৈছে একাংশ দুষ্কৃতিকাৰীয়ে ভুৱা সংগঠনৰ নামত লাখ লাখ টকা নিৰ্বিবাদে সংগ্ৰহ কৰি ফুৰিছে। জিলা প্ৰশাসন আৰু পুলিচ প্ৰশাসনৰ ওচৰত তথ্য সহকাৰে তেনে অভিযোগ উত্থাপন কৰাৰ পাছতো ডিব্ৰুগড়ৰ পুলিচ প্ৰশাসনে তেনে দুষ্ট চক্ৰৰ কোনো সন্ধানেই উলিয়াব নোৱাৰিলে। পুলিচ প্ৰশাসনৰ এনে নিৰ্লিপ্ত ভূমিকাই নিশ্চিত ভাবে দুষ্ট চক্ৰক হে উৎসাহিত কৰিছে। জিলা পুলিচ প্ৰশাসনৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে জ্যেষ্ঠ সাংবাদিক শৰৎচন্দ্ৰ নেওগে।
সংবাদ মাধ্যমৰ জ্ঞাতাৰ্থে প্ৰেৰণ কৰা এক বিবৃতিত নেওগে ঘটনাৰ সবিশেষ বৰ্ণনা কৰি প্ৰকাশ কৰে যে, যোৱা বছৰৰ ৩ অক্টোবৰ তাৰিখে ডিব্ৰুগড় জিলাৰ জিলা আয়ুক্তৰ ওচৰত সাংবাদিক নেওগে এখন অভিযোগ পত্ৰ দাখিল কৰিছিল, যʼত কোৱা হৈছিল যে, মুক বধিৰ এটা সংগঠনে ডিব্ৰুগড়ত যোৱা বছৰৰ ২২ চেপ্তেম্বৰৰ পৰা ২৮ চেপ্তেম্বৰলৈ ডিব্ৰুগড়ত এটা বিশেষ অনুষ্ঠান পতা হʼব বুলি ৰাইজৰ পৰা ১০০ টকা নিৰ্ধাৰণ কৰি দি একাংশ মুক বধিৰ যুৱকৰ যোগেদি জিলাখনৰ বিভিন্ন ঠাইত ধন সংগ্ৰহ কৰিছিল। তাৰ বাবে যিখন ধন সংগ্ৰহৰ ৰচিদ বহী ব্যৱহাৰ কৰিছে, তাত কোনো সবিশেষ ঠিকনা, যোগাযোগ নম্বৰ আদিৰ কথা উল্লেখ কৰাৰ পৰিৱৰ্তে কেৱল উল্লেখ আছে-Upper Assam District’s Association of the Deaf. মূল কাৰ্যালয় বুলি কেৱল লিখা আছে গোপীনাথ নগৰ, গুৱাহাটী -১৬। লগতে লিখা আছে,বিজয় গোহাঁই, সভাপতি আৰু অনুপম গোহাঁই, সাধাৰণ সম্পাদক। উল্লেখযোগ্য যে, সাংবাদিক নেওগে কেৱল ডিব্ৰুগড়তে নহয়, ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্তত খবৰ সংগ্ৰহ কৰি জানিব পাৰিলে যে, ডিব্ৰুগড় জিলাৰ কোনো ঠাইতে উল্লিখিত মুক বধিৰ কোনো অনুষ্ঠান সেই কেইদিন অনুষ্ঠিত হোৱা নাছিল। উক্ত মুক বধিৰ অনুষ্ঠানটো যে ভুৱা আৰু তেনে এটা ভুৱা অনুষ্ঠানৰ নামত যে, অবৈধ ভাবে সৰ্বসাধাৰণ ৰাইজৰ পৰা ধন সংগ্ৰহ কৰিছে, সেই বিষয়ে সবিশেষ তথ্য সহ উল্লেখ কৰি ডিব্ৰুগড় জিলাৰ জিলা আয়ুক্তৰ ওচৰত যোৱা ৩ অক্টোবৰত বিষয়টো তদন্ত কৰিবলৈ সাংবাদিক নেওগে এখন অভিযোগ পত্ৰ দাখিল কৰে। জিলা আয়ুক্তই উক্ত অভিযোগ পত্ৰখন তদন্তৰ দ্বাৰা বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে জিলা জ্যেষ্ঠ আৰক্ষী অধীক্ষকলৈ যোৱা বছৰৰে ১৪ অক্টোবৰ তাৰিখে প্ৰেৰণ কৰে। যোৱা ১২ জানুৱাৰী তাৰিখে ডিব্ৰুগড় জিলাৰ অতিৰিক্ত জিলা আৰক্ষী অধীক্ষকে চিঠি নং আৰ বি/১২/আৰ টি আই/ ২০২৬/৪১ মৰ্মে নেওগক জানিবলৈ দিয়ে যে, বিষয়টো তদন্ত কৰিবলৈ দ্বায়িত্ব দিয়া ডিব্ৰুগড় সদৰ থানাৰ উপ পৰিদৰ্শক অমিত দেই জিলা জ্যেষ্ঠ আৰক্ষী অধীক্ষকক জনায় যে, অভিযোগ পত্ৰত উল্লেখ কৰা মতে ডিব্ৰুগড়ত এনে ধৰণৰ কোনো অবৈধ ধন সংগ্ৰহৰ ঘটনা ঘটাই নাই। সাংবাদিক নেওগলৈ অতিৰিক্ত জিলা আৰক্ষী অধীক্ষকে কেৱল সেই ধন সংগ্ৰহৰ কথাটোহে জনাই পত্ৰখন পঠিয়ালে যদিও সদৰ থানাৰ উক্ত আৰক্ষী উপ পৰিদৰ্শকক এটাও প্ৰশ্ন নকৰিলে যে, মুক বধিৰ উক্ত সংগঠনটো দৰাচলতে আছে নে, নে এটা ভুৱা সংগঠন আৰু বিশেষ অনুষ্ঠানটো দৰাচলতে অনুষ্ঠিত হৈছিল নে নাই। সাংবাদিক নেওগে আৰক্ষীৰ এনে পালমৰা আৰু নিৰ্লিপ্ত ভূমিকাত ক্ষুণ্ণ হৈ মত পোষণ কৰিছে যে, আৰক্ষীৰ এনে কাৰ্যই পৰোক্ষভাৱে সমাজৰ একাংশ দুষ্কৃতিকাৰীক দুষ্কাৰ্য কৰিবলৈ উদগণিহে যোগাব।

Leave a Reply

Your email address will not be published. Required fields are marked *