ৰাজ্যৰ বৃহত্ত ট্রেডিং কেলেংকাৰি
চিবিআই আদালতত হাজিৰ বিশাল-তার্কিক-অভিজিৎ
*চাইন অন ডেস্ক:*
ৰাজ্য কঁপাই যোৱা বিয়াগোম ট্রেডিং কেলেংকাৰি গোচৰৰ কলি দ্বিতীয়টো শুনানি গ্রহণ কৰে গুৱাহাটীস্থিত চিবিআইৰ বিশেষ আদালতে। এই শুনানিকালত চিবিআয়ে ৰুজু কৰা ২৯/২০২৫ নম্বৰৰ গোচৰটোৰ মূল অভিযুক্ত বিশাল ফুকন, তার্কিক বৰা আৰু অভিজিৎ চান্দ সোঁশবীবে আদালতত হাজিৰ হয়। এই সন্দর্ভত অভিজিৎ চান্দৰ অধিবক্তাই জানিবলৈ দিয়া মতে, অভিজিৎ চান্দে আদালতৰ পৰা কোনোধৰণৰ চমন পোৱা নাছিল যদিও চার্জশীট দাখিল কৰাৰ বিষয়ে অৱগত হৈ আদালতত হাজিৰ হয়। আদালতে তেওঁক গোচৰটোৰ জামিন দিয়ে। প্রধানত অভিযুক্তসকল হাজিৰ হোৱাৰ প্রক্রিয়াব অন্ত পৰে। অহা ১০ ফেব্রুৱাৰীত পৰৱৰ্তী শুনানিৰ দিন ধার্য কৰা হৈছে। উল্লেখ্য যে ২০২৪ বর্ষব আগষ্ট মাহত পোহৰলৈ আহিছিল বাজ্যত ট্রেডিঙৰ নামত চলা লুঠনৰ ক’লা অধ্যায়। পৰৱর্তী সময়ত এই কেলেংকাৰিত লিপ্ত বিশাল ফুকন, চুমি বৰা, তার্কিক বৰা, অভিজিৎ চান্দকে ধৰি ১৮জন অভিযুক্তক গ্রেপ্তাৰ কৰা হৈছিল। ৰাজ্য চৰকাৰে পৰৱৰ্তী সময়ত ইয়াৰ তদন্তভাৰ চিবিআইক দিয়ে। ইতিমধ্যে গুৱাহাটী উচ্চ ন্যায়ালয়ে এই চাৰি অভিযুক্তক জামিনত মোকলাই দিছে যদিও এতিয়া চিবিআইৰ ২৯/২০২৫ নম্বৰৰ গোচৰটো সন্দর্ভত বিশেষ আদালতে শুনানি অব্যাহত ৰাখিছে। যোৱা ১২ ডিচেম্বৰত চিবিআইৰ বিশেষ আদালতত প্রথমটো শুনানি সম্পন্ন হৈছিল।