...

অসমক অশান্ত কৰাৰ ভয়ংকৰ ব্লু-প্রিন্ট!

Spread the love

অসমক অশান্ত কৰাৰ ভয়ংকৰ ব্লু-প্রিন্ট!

গ্ৰেপ্তাৰ হোৱা জেহাদীৰ ভয়ংকৰ তথ্য

ৰাজ্যত হঠাৎ সক্রিয় মৌলবাদী শক্তি

*গুৱাহাটী:*

বিধানসভা নির্বাচনৰ পূর্বে অসমক অশান্ত কৰাৰ এক ভয়ংকৰ ষড়যন্ত্র ৰচিছে বাংলাদেশী মৌলবাদীয়ে। ৰাজ্য চৰকাৰে অনুপ্রবেশকাৰীৰ বিৰুদ্ধে গ্রহণ কৰা কঠোৰ স্থিতি তথা ভূমি উচ্ছেদৰ আলম লৈ
মৌলবাদী শক্তিসমূহে সংখ্যালঘু অধ্যুষিত এলেকাত থিতাপি লৈ বচিছে বাজাখনক অশান্ত কবাৰ ব্লু-প্রিন্ট। এই কথা অৱগত কৰিলে মুখ্যমন্ত্ৰ ড’ হিমন্ত বিশ্ব শর্মাই। মুখ্যমন্ত্রীয়ে আজি এই সন্দর্ভত কয়- অসমক লৈ এক বহুত ডাঙৰ ষড়যন্ত্র চলি আছে। এই বিষয়টো নতুন দিল্লীত কেন্দ্রীয় গৃহমন্ত্রীক সাক্ষাৎ কৰাৰ সময়ত আলোচনা কৰা হৈছিল। যোৱা চাৰে চাৰি বছৰ অসমখন সম্পূৰ্ণৰূপে শান্ত আছিল। হঠাৎ অসমত মৌলবাদী শক্তিসমূহ সক্রিয় হৈ পৰিছে। শেহতীয়াকৈ বাংলাদেশৰ পৰা অহা কেইবাজনো জেহাদীক গ্রেপ্তাৰ কৰাৰ পাছত এইকেইজন জেহাদীৰ পৰাই এই তথ্য পোহৰলৈ আহিছে। বাংলাদেশতো শেহতীয়াকৈ হিন্দুৰ ওপৰত অত্যাচাৰ বৃদ্ধি পাইছে। উল্লেখ্য যে অসম আৰক্ষীৰ এছটিএফে অভিযান চলাই নামনি অসমৰ কেইবাখনো জিলা আৰু ত্রিপুৰাৰ পৰা ১১জন জেহাদীক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। এই জেহাদীকেইজনৰ ওপৰত চলোৱা জেৰাৰ পাছতে অসমক অশান্ত কৰাৰ বহু তথ্য পোহৰলৈ আহিছে। আৰক্ষী সুত্রই ইতিমধ্যে প্রকাশ কৰা অনুসৰি নির্বাচনৰ প্রাকক্ষণত অসমক অশান্ত কৰিবলৈ জেহাদীকেইজনক বাংলাদেশব পৰা বিশেষ নির্দেশ দিয়া হৈছিল।

ইয়াৰ বাবে গ্রেপ্তাৰ হোৱা জেহাদীকেইজনৰ দুজন জেহাদীয়ে বাংলাদেশত ইয়াৰ বাবে প্রশিক্ষণো লৈ আহিছিল। সেয়াই নহয়, মৌলবাদী কাম-কাজ আগুৱাই নিয়াৰ বাবে ধন সংগ্রহতো নামি পৰিছিল এই জেহাদীকেইজন। তদুপৰি বিভিন্ন ধৰণৰ ধর্মীয় গ্রন্থ বিতৰণেৰে জেহাদৰ প্রতি দুখীয়া মুছলমান যুৱকক আকর্ষণ কৰাৰ চেষ্টা চলাই থকা জেহাদীকেইজনৰ লক্ষ্য আছিল কুটাঘাতমূলক কার্যকলাপ সংঘটিত কৰা। অসম আৰক্ষীয়ে চলোৱা বিশেষ অভিযানত এই জেহাদীকেইজন গ্রেপ্তাৰ হোৱাৰ পাছত বাজ্যখনক লৈ চুবুৰীয়া বাংলাদেশৰ মৌলবাদী সংগঠনে ৰচনা কৰা ষড়যন্ত্রও অধিক স্পষ্ট হৈছে। মুখ্যমন্ত্রী ড° শর্মাই সমগ্র বিষয়টো সন্দর্ভত ৰাইজক অধিক সতর্ক হৈ থাকিবলৈ আহ্বান জনাই কয়- নির্বাচনলৈ আমি সাবধান থাকিব লাগিব। সকলোৱে একতা আৰু সমন্বয় বজাই ৰাখিব লাগিব। স্মর্তব্য যে এছটিএফে শেহতীয়াকৈ চলোৱা অভিযানত নামনি অসমৰ বৰপেটা, চিৰাং, বাক্সা আৰু দৰং জিলাৰ লগতে ত্ৰিপুৰাৰ পৰা এই জেহাদীকেইজনক গ্রেপ্তাৰ কৰিছিল। স্নেহাদীকেইজনৰ পৰা বৃহৎ পৰিমাণৰ অস্ত্র-শস্ত্র উদ্ভাব কৰিছিল এডটিএফে। বাংলাদেশৰ জামাত-উল-মুজাহিদীন বাংলাদেশ, চমুকৈ জেএমবিৰ দ্বাবা প্রশিক্ষিত এই জেহাদীকেইজনৰ উদ্দেশ্য আছিল নামনি অসমৰ মুছলমান অধ্যুষিত এলেকাত জেহাদৰ কার্যকলাপ বৃদ্ধি কৰা। বিধানসভা নির্বাচনক লক্ষ্য কৰি জেহাদীকেইজনে আৰম্ভ কৰা এই কার্যকলাপ যথেষ্ট দূৰলৈ শিপাইছিল যদিও এছটিএফৰ অভিযানত অসমক অশান্ত কৰিব খোজা ষড়যন্ত্র ব্যর্থ হয়। এই বিষয়টোৱে ইতিমধ্যে দেশজুৰি সৃষ্টি কৰিছে যথেষ্ট চাঞ্চল্যৰ। বিধানসভা নির্বাচনৰ প্রাক্ষণত অসমক অশান্ত কৰাব এই ষড়যন্ত্রক লৈ কেন্দ্রীয় গৃহ মন্ত্রালয়ো উদ্বিগ্ন। যাৰ বাবে কালি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে মুখ্যমন্ত্রীব সৈতে জেহাদীৰ আগ্রাসনৰ বিষয়টোক লৈ দীঘলীয়া আলোচনাত বহে।

Leave a Reply

Your email address will not be published. Required fields are marked *