বন বিভাগৰ অতৰ্কিত অভিযান!
বাঘমাৰাচৰত ছটাকৈ অবৈধ কাঠফলা মিল জব্দ
*বৰপেটা:*
বৰপেটা জিলাৰ চেঙা সমষ্টিৰ অন্তৰ্গত বাঘমাৰাচৰত আজি পুৱাৰে পৰা গোৱালপাৰা জিলা বন বিভাগ আৰু বৰপেটা জিলা বন বিভাগে চোৰাং কাঠৰ বিৰুদ্ধে এক অতৰ্কিত অভিযান চলায়। গোৱালপাৰা জিলা বন বিভাগৰ এটি বৃহৎ দলে বাঘমাৰাচৰৰ বিভিন্ন গোপন স্থানত অভিযান চলাই ছয় টাকৈ চোৰাং কাঠ ফলা মিল উৎখাত কৰাৰ লগতে প্ৰায় ৬০ লক্ষ্যাধিক টকাৰ শাল চেগুণৰ লগতে গমাৰিৰ উপৰিও বিভিন্ন প্ৰজাতিৰ চোৰাং কাঠ জব্দ কৰিবলৈ সক্ষম হয়।
গোৱালপাৰা বন বিভাগৰ এটি বৃহৎ দলে চলোৱা এনে অভিযানত বাঘমাৰাচৰৰ চোৰাং কাঠ বেপাৰী সকলৰ মাজত এক প্ৰকাৰ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। উল্লেখ্য যে, দীৰ্ঘদিনৰে পৰা বাঘমাৰাচৰত একাংশ চোৰাং কাঠ বেপাৰীয়ে বিভিন্ন পক্ষক মেনেজ কৰি গুৰু গোঁসাই নেমানাকৈ চলাই আহিছিল চোৰাং কাঠৰ ৰমৰমীয়া ব্যৱসায় ।আজি পুৱাৰ ভাগতে গোপন খবৰৰ ভিত্তিত গাঁৱখনৰ বিভিন্ন ঠাইত গোৱালপাৰা জিলা বন বিভাগৰ এটি শীৰ্ষ দলে অভিযান চলাই চোৰাং কাঠ ফলা মিল সমূহ তচনচ কৰি
পেলোৱাৰ লগতে প্ৰায় ষাঠি লক্ষ্যাধিক টকাৰ চোৰাং কাঠ জব্দ কৰাৰ পাছতে নিমাওমাও পৰিবেশৰ সৃষ্টি হয় বৃহত্তৰ বাঘমাৰা চৰত।জব্দকৃত চোৰাং কাঠ খিনিৰ লগতে জব্দকৃত চোৰাং কাঠ ফলা মিল সমূহ অভিযান কাৰীৰ দলটোৱে লৈ যায় ।
Like this:
Like Loading...