...

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ কনভয় বাহন দূৰ্ঘটনাগ্ৰস্থ

Spread the love

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ কনভয় বাহন দূৰ্ঘটনাগ্ৰস্থ

*চাইন অন ডেস্ক:*

ডিব্ৰুগড় পৰা চাবুৱাৰ দিশে চাৰিলেনেৰে গৈ থকা অৱস্থাত আজি আবেলি পৰত ভাৰত চৰকাৰৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কয়ভয়ৰ এখন আৰক্ষী বাহন দূৰ্ঘটনাগ্ৰস্ত হয়। জানিব পৰা অনুসৰি চাবুৱা আৰক্ষী থানাৰ অন্তৰ্গত হাতীআলিত চাৰিলেনৰ কাষতে ৰখাই থোৱা এখন এম্বুলেন্সত খুন্দা মৰাৰ ফলত কয়ভয়টোৰ বাহনখনত উঠি অহা চাৰিগৰাকী আৰক্ষী আঘাপ্ৰাপ্ত হোৱাৰ লগতে আন দুখন বাহনৰ যাত্ৰীকে ধৰি মূঠ ৮ গৰাকী ব্যক্তি আহত হৈছে। আহত আৰক্ষী কেইজনক ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়। নৱবৰ্ষৰ আৰম্ভণীতে চাবুৱাৰ নিজ জন্মস্থান বিন্ধাকটা মুলুক গাঁৱৰ যুৱক সকলে আয়োজন কৰা প্ৰীতি ভোঁজৰ

অনুষ্ঠানলৈ ডিব্ৰুগড় পৰা আহি থকা অৱস্থাতে এ এচ-৩০-৮১৪৯ নম্বৰৰ এৰ্স্কট থাৰ খনে পথৰ কাষতে ৰৈ থকা এখন এম্বুলেন্সত খুন্দা মাৰে। এম্বুলেন্স খনে পথৰ কাষতে ৰখাই থোৱা এ এচ-০৬-এ এল – ৮১৫৯ নম্বৰৰ এখন হোণ্ডাই চাৰিচকীয়া বাহনত খুন্দা মাৰে। হোণ্ডাই বাহনখনত যাত্ৰা কৰা আন যাত্ৰীও আহত হোৱা বুলি জানিব পৰা গৈছে। সকলোকে স্থানীয় ৰাইজ আৰু আৰক্ষীৰ সহযোগত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। নিৰাপত্তাজনিত কাৰণ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালক গন্তব্য স্থানলৈ লৈ যোৱা হয়। তাৰে ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ কাষতে বালিচৰত আয়োজন কৰা বনভোজস্থলিত উপস্থিত হয়। গাঁৱৰ ৰাইজক সাক্ষাৎ কৰি ৰাইজক নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰে। গাঁৱৰ যুৱক সকলে ৰন্ধা আহাৰ গ্ৰহণ কৰি প্ৰাকৃতিক পৰিবেশো উপভোগ কৰে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে।

এই বনভোজস্থলিত ৰাজ্যসভাৰ সাংসদ ৰামেশ্বৰ তেলী, অসম চৰকাৰৰ মন্ত্ৰী প্ৰশান্ত ফুকন, বিধায়ক ক্ৰমে বিনোদ হাজৰিকা, তৰংগ গগৈ, তেৰচ গোৱালা, ভাস্কৰ শৰ্মা আৰু চক্ৰ ধৰ গগৈ উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *