...

দেশৰ আভ্যন্তৰীণ সুৰক্ষাক ভ্ৰূকুটি ?

Spread the love

দেশৰ আভ্যন্তৰীণ সুৰক্ষাক ভ্ৰূকুটি ?

সীমান্তত অত্যাধুনিক পৰীক্ষণ ব্যৱস্থাপ্ৰণালী নাই!

বাংলাদেশলৈ নিতৌ যাতায়াত কৰিছে শতাধিক ট্ৰাক

ধুবুৰীৰ সোণাহাট আন্তঃৰাষ্ট্ৰীয় বাণিজ্যকেন্দ্ৰত সুৰুঙা?

*ধুবুৰী:*

বাংলাদেশৰ সাম্প্ৰতিক অশান্ত-জৰ্জৰ পৰিৱেশৰ সুযোগ লৈ দেশখনত সক্ৰিয় জেহাদী গোষ্ঠীবোৰে অসম তথা উত্তৰ-পূৰ্বাঞ্চলত অস্থিৰ পৰিবেশ সৃষ্টি কৰাৰ আশংকাৰ উদ্ৰেক ঘটাইছে।  সেই সময়ত কিন্তু পৰীক্ষণৰ কোনো ধৰণৰ আধুনিক ব্যৱস্থাপনা অবিহনেই ধুবুৰী জিলাৰ গোলকগঞ্জৰ সমীপৰ সোণাহাট আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰৰে  বাংলাদেশলৈ নিতৌ শতাধিক বোল্ডাৰে, কয়লা পৰিবাহী ট্ৰাক অহা-যোৱা কৰি থকাটো তাৎপর্যবাহী বুলিয়েই বিবেচিত হৈছে। কেৱল সেয়াই নহয়; অভিযোগ আছে, ‘‘লেণ্ড পোৰ্ট অথ’ৰিটি অৱ ইণ্ডিয়া এক্ট, ২০১০ (Land Ports Authority of India Act, 2010) সম্পূর্ণ ৰূপে উলংঘা কৰি সোনাহাট স্থল বন্দৰ চলি থকাৰো। উল্লেখ্য যে, উক্ত আইন অনুসৰি আন্তঃৰাষ্ট্ৰীয় বাণিজ্য চলা দেশৰ যিকোনো আন্তঃৰাষ্ট্ৰীয় স্থল বন্দৰলৈ অহা যোৱা কৰা মালবাহী বাহন পৰীক্ষা কৰাৰ বাবে স্কেনাৰ অথৱা এক্সৰে মেছিন থকাটো বাধ্যতামূলক। কিন্তু  ধুবুৰী জিলাৰ গোলকগঞ্জৰ ভাৰত–বাংলাদেশ সীমান্তৰ সমীপৰ সোণাহাট আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰৰে নিতৌ বাংলাদেশলৈ অহা যোৱা কৰি থকা শতাধিক ট্ৰাকৰ  পৰীক্ষণৰ বাবে নাই কোনো ধৰণৰ স্কেনাৰ, এক্সৰে মেছিন অথৱা অইন কোনো আধুনিক ব্যৱস্থাপনা।

ইয়াতে উল্লেখনীয় যে, ২০০১ চনত  ভাৰতৰ পৰা কয়লা আৰু বোল্ডাৰ আমদানী কৰিবলৈ বাংলাদেশৰ সৈতে হোৱা এক চুক্তিনুসৰি ধুবুৰী জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৰ গোলকগঞ্জ চেক্টৰত সীমান্তত নিৰ্মাণ কৰা হৈছিল এই বিশেষ বাণিজ্যিক কেন্দ্ৰটো৷ চুক্তি স্বাক্ষৰিত হোৱাৰ প্ৰায় ১৩ বছৰ  পিছত ২০১৪ চনৰ ২৮ এপ্ৰিলৰ দিনা সোণাহাট আন্তঃৰাষ্ট্ৰীয় বাণিজ্যকেন্দ্ৰটো আনুষ্ঠানিক ভাৱে মুকলি কৰা হৈছিল৷ অৱশ্যে, জন্ম-লগ্নৰ পৰাই  বিভিন্ন চিণ্ডিকেট চক্ৰৰ সোণৰ কণী পৰা হাঁহ বুলিহে সততে সংবাদ মাধ্যমৰ শীৰ্ষ স্থান দখল কৰি অহাহে পোৱা গৈছে এই স্থল বন্দৰটো। উল্লেখ্য যে, সোণাহাট বাণিজ্যিক কেন্দ্ৰটোত আছে শুল্ক বিভাগৰ বিশেষ কাৰ্যালয়। সেই কাৰ্যালয়টোৰ  বিশেষ অনুমতি লৈ  শিল–বোল্ডাৰ- কয়লাবাহী ট্ৰাকবোৰে  সীমান্ত পাৰ হৈ বাংলাদেশৰ কুৰিগ্ৰাম জিলালৈ প্ৰৱেশ কৰে আৰু আনুমানিক ২০০/২৫০ মিটাৰ দূৰত্বত থকা  দেশখনৰ  ভূৰুংগামাৰীৰ সোণাহাট স্থল বন্দৰত  “আনলোড” কৰাৰ পিছত পুনৰ উভতি আহে ভাৰতলৈ৷ কিন্তু তাৎপৰ্যপূৰ্ণ বিষয় এয়াই যে, সোণাহাট আৰু

বাংলাদেশৰ ভূৰুংগামাৰিলৈ যাতায়ত কৰা  সেই ট্ৰাকবোৰ পৰীক্ষা কৰা হয় “মেনুৱেল” পদ্ধতিৰে৷ ফলত স্বাভাৱিক ভাৱেই সোণাহাট সীমান্তত প্ৰহৰাৰত সীমান্ত সুৰক্ষা বাহিনী (বিএছএফ)ৰ জোৱানে বাংলাদেশৰ ভূৰংগামাৰীলৈ যাত্ৰা কৰা  পাথৰ, কয়লা অথৱা বোল্ডাৰবাহী ট্ৰাকসমূহত লোৰ শলাকাৰে  কৰা ‘ৰেণ্ডম’ পদ্ধতিৰ সেই তালাচী কিমান বিজ্ঞানসন্মত অথৱা ‘ফুল প্ৰুফ’সেয়াও কিন্তু সন্দেহৰ উৰ্ধত নহয়। ইপিনে,  বাংলাদেশৰ ভূৰুংগামাৰীৰ সোণাহাট স্থল বন্দৰৰ পৰা ভাৰত তথা সোণাহাট আন্তঃৰাষ্টীয় বাণিজ্যিক কেন্দ্ৰলৈ উভতি অহা ট্ৰাকবোৰ পৰীক্ষণৰ কোনো ধৰণৰ অত্যাধুনিক ব্যৱস্থা নাই ‘বাংলাদেশ বৰ্ডাৰ গাৰ্ডচ’ (বিজিবি)ৰো। ফলত স্বাভাবিক ভাবেই, বাংলাদেশৰ সাম্প্ৰতিক পৰিস্থিতিতো অত্যাধুনিক সাঁ-সঁজুলি নোহোৱাকৈ এইদৰে সোণাহাটেৰে বাংলাদেশৰে নিতৌ শতাধিক ট্ৰাক যাতায়াত কৰি থকাৰ বিষয়টো চিন্তাজনক বুলিয়েই বিবেচিত হৈছে।সমান্তৰালকৈ বাংলাদেশৰ ভাৰত বিৰোধী মৌলবাদী শক্তিবোৰে সোণাহাটৰ সোপা-ঢিলা
নিৰাপত্তা ব্যৱস্থাৰ সুযোগ লোৱাৰ সম্ভাবনাক লৈও বহু আশংকা প্ৰকাশ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *