...

দুৰ্বৃত্তই জ্বলাই দিলে অশীতিপৰ আইতাৰ দোকান

Spread the love

এক হৃদয়বিদাৰক কাণ্ড !

দুৰ্বৃত্তই জ্বলাই দিলে অশীতিপৰ আইতাৰ দোকান

*ধুপধৰা:*

নগৰবেৰাৰ হেকৰা- সাউৰাতলত পথত সংঘটিত হৈছে এক নিকৃষ্ট কাণ্ড ,নিশাৰ আন্ধাৰৰ সুযোগ লৈ কোনোবা অচিনাক্ত দুৰ্বৃত্তই জ্বলাই দিয়ে এগৰাকী অশীতিপৰ আইতাৰ গেলামাল দোকান।ধুপধৰা আৰক্ষী থানাৰ অধীনস্থ সাউৰাতলত সূৰোবালা মণ্ডল আইতাই বিগত বহু বছৰ ধৰি দোকানখনেৰে কোনোমতে জীৱনটো চলাই নিছিল ,সেইয়াও যেন সহ্য নহ’ল চকুচৰহাৰ।নিশা কোনো নথকাৰ সূযোগ লৈ জ্বলাই দিয়ে আইতাৰ মৰমৰ দোকানখন।যাৰ ফলত দোকানৰ বয়বস্তুৰ লগতে জ্বলি ছাই হয় ফ্ৰীজ, আলমিৰাৰ লগতে সকলোখিনি ।জানিব পৰা মতে, প্ৰায় ৫ লাখ টকাৰ সম্পত্তি জ্বলি ভস্মীভূত হয় এই অগ্নিকাণ্ডত ।এই নিকৃষ্ট ঘটনাৰ পাছতেই শোকত ভাগি পৰিছে আইতাগৰাকী৷ জ্বলি যোৱা দালি, আলু, পিঁয়াজৰ ওপৰত হাত বুলাই হুকহুকাই কান্দিছে অকলশৰীয়া আইতাই।এই নিকৃষ্ট ঘটনাক তীব্ৰ গৰিহণা জনাই শীঘ্ৰেই দোষীক শাস্তি প্ৰদানৰ দাবী জনাইছে স্থানীয় ৰাইজে।

Leave a Reply

Your email address will not be published. Required fields are marked *