...

উপ-ডাকঘৰ লণ্ডভণ্ড দূৰ্বৃত্তৰ

Spread the love

উপ-ডাকঘৰ লণ্ডভণ্ড দূৰ্বৃত্তৰ

ধুবুৰীৰ গৌৰীপুৰৰ সমীপৰ বগৰিবাৰীৰ ঘটনা

*ধুবুৰী:*

ধুবুৰী জিলাৰ গৌৰীপুৰৰ সমীপৰ বগৰিবাৰীৰ উপ-ডাকঘৰৰ নথী-পত্ৰত দূৰ্বৃত্তই অগ্নি সংযোগ কৰাৰ সমান্তৰালকৈ কাৰ্যালয়টো লণ্ডভণ্ড কৰাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে, আজি উপ-ডাকঘৰটোৰ ডাকোৱালগৰাকীয়ে কাৰ্য্যালয় খুলাৰ পিছত এই দৃশ্য প্ৰত্যক্ষ কৰে আৰু আঠানী আৰক্ষীক অৱগত কৰাৰ পিছত ল’গে ল’গে আৰক্ষীৰ এটা দলে আহি জুই নিৰ্বাপিত কৰে। দূৰ্বৃত্তৰ দলটোৱে খিৰিকি ভাঙি কাৰ্যালয়টোত প্ৰৱেশ কৰা বুলি সন্দেহ কৰা হৈছে। উল্লেখ্য যে, উপ-ডাকঘৰটোৰ পৰা আনুমানিক এশ মিটাৰ দূৰত্বত আছে আঠানী আৰক্ষী চকীখন।

Leave a Reply

Your email address will not be published. Required fields are marked *