...

কামপুৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অৰ্থনীতি বিভাগৰ মূৰব্বী অধ্যাপক পদ্মেশ্বৰ শইকীয়াৰ পৰলোক

Spread the love

কামপুৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অৰ্থনীতি বিভাগৰ মূৰব্বী অধ্যাপক পদ্মেশ্বৰ শইকীয়াৰ পৰলোক

নগাঁও,

নগাঁও জিলাৰ কামপুৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অৰ্থনীতি বিভাগৰ মূৰব্বী অধ্যাপক পদ্মেশ্বৰ শইকীয়াৰ আজি পুৱা প্ৰায় ৭ঃ৩০ বজাত গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত পৰলোক হয়।‌ দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত পৰলোক হোৱা শইকীয়াৰ বয়স হৈছিল ৭৭বছৰ। উল্লেখ্য যে প্ৰয়াত পদ্মেশ্বৰ শইকীয়া বিগত কিছুদিন ধৰি ডায়েবেটিছ মেলিটাছ,হাইপাৰটেনচন আৰু এটিপিকেল পাৰ্কিনছন ৰোগত আক্ৰান্ত আছিল। চিকিৎসকে জনোৱা মতে হৃদযন্ত্ৰৰ বিকলতাৰ ফলত পদ্মেশ্বৰ শইকীয়াই মৃত্যু সাৱটি লয়। তেখেতে চাকৰি সূত্ৰে কামপুৰতে থকাত অঞ্চলৰ বিভিন্ন সামাজিক কাম-কাজৰ সৈতে জড়িত‌ হৈ আছিল। শেহতীয়াভাৱে গুৱাহাটীতে বসবাস কৰা পদ্মেশ্বৰ শইকীয়াৰ মৃত্যুত কামপুৰৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতে কৰ্মৰত কামপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ তথা শিক্ষক- শিক্ষয়িত্ৰীসকলে গভীৰ সমবেদনা জ্ঞাপন কৰিছে। মৃত্যুৰ সময়ত প্ৰয়াত পদ্মেশ্বৰ শইকীয়াই পত্নী কামপুৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপিকা ভানু শইকীয়াসহ চাৰিগৰাকী জীয়ৰীৰ উপৰি যথেষ্ট সংখ্যক আত্মীয় স্বজনক ইহসংসাৰত এৰি থৈ যায়। আজি বিয়লি বিয়লি নৱগ্ৰহ শ্মশানত শইকীয়াৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়। তেখেতৰ মৃত্যুৰ বাতৰি পোৱাৰ পিছতে কামপুৰ অঞ্চলতে গভীৰ শোকৰ ছাঁ পৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *