নগাঁৱত মটক ছাত্ৰ সন্থা-জনজাতি সুৰক্ষা পৰিষদ-কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সংবাদমেল
খেৰণিত জনজাতি লোকৰ আক্ৰমণক তীব্ৰ গৰিহণা
নগাঁও,
সদৌ অসম মটক ছাত্ৰ সন্থা,জনজাতি সুৰক্ষা পৰিষদ,অসম আৰু মধ্য অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাই নগাঁৱত আজি পৃথকে পৃথকে সংবাদমেল সম্বোধন কৰে। নগাঁও জিলাৰ সাহিত্য সভা ভৱনত অনুষ্ঠিত সংবাদমেলত পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত সংঘটিত জনজাতি লোকৰ ওপৰত হোৱা আক্ৰমণক তীব্ৰ গৰিহণা দিয়ে। আজিৰ সংবাদমেলৰ জৰিয়তে কয় যে অসমৰ প্ৰতিটো খিলঞ্জীয়া দল-সংগঠন কাৰ্বি ভাই-ভনীৰ লগত একত্ৰিত হৈ আগবাঢ়িব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো তীব্ৰ সকিয়নী প্ৰদান কৰে ছাত্ৰ সংগঠনকেইটাই। লগতে কাৰ্বি লোকসকলক নিৰাপত্তা আৰু সুৰক্ষা নিদিলে অসমত তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি উঠিব বুলি ভাবুকি প্ৰদান কৰে। সংগঠন কেইটাই আৰু কয় যে ২০২৬ৰ অসম বিধান সভাৰ আগত ছয় জনগোষ্ঠীক জনজাতিকৰণ নকৰিলে,বিজেপিক প্ৰতিটো খোজতে বিৰোধিতা কৰিব সদৌ অসম মটক ছাত্ৰ সন্থাই। মধ্য অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাই ২০২৬ৰ নিৰ্বাচনৰ পূৰ্বে ছয় জনগোষ্ঠী জনজাতিকৰণৰ নকৰিলে No ST No Vote কাৰ্যসূচীৰে বিজেপিৰ বিৰুদ্ধে সংগঠনটোয়ে চলাব প্ৰচাৰ। উল্লেখ্য যে,কোচ ৰাজবংশীসকল কাৰ্বি ভাই- ভনীসকলৰ লগত আছে । অসমৰ খিলঞ্জীয়া দল-সংগঠনবোৰক ভাগ ভাগ কৰিবৰ চেষ্টা নকৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কঠোৰ সকিয়নী দিয়ে সংগঠনটোৱে। ইতিমধ্যে জনজাতিকৰণ লাভ কৰা কাৰ্বি জনগোষ্ঠী এতিয়া অসুৰক্ষিত । জনজাতিকৰণ ছয় গোষ্ঠীয়ে পাব লাগিব,কেৱল অসম জনজাতিকৰণ হ’লে নহ’ব,চৰকাৰী চাকৰিৰ পৰা সকলো সুৰক্ষিত কৰিব লাগিব। লগতে ইনাৰ লাইন পাৰমিতৰ ব্যৱস্থা চৰকাৰে কৰিবয়ে লাগিব। অনথ্যা অসমৰ লগতে প্ৰতিজন খিলঞ্জীয়া ভুমিপুত্ৰ-অসমীয়াৰ অস্তিত্ব নাথাকিব বুলি জনজাতি সুৰক্ষা পৰিষদ,অসমে সংবাদমেলত মন্তব্য কৰে।