...

ক্ৰীড়াক ঔদ্যোগ হিচাপে নিৰ্মাণ কৰিলে বিশ্বৰ বজাৰ দখল কৰিব পাৰিবঃ সৰ্বানন্দ সোণোৱাল

Spread the love

ক্ৰীড়াক ঔদ্যোগ হিচাপে নিৰ্মাণ কৰিলে বিশ্বৰ বজাৰ দখল কৰিব পাৰিবঃ সৰ্বানন্দ সোণোৱাল

ডিব্ৰুগড়ত সাংসদ খেল মহোৎসৱৰ সফল সামৰণি

চাইন অন ডেস্ক:

‘ক্ৰীড়াক ঔদ্যোগ হিচাপে নিৰ্মাণ কৰিব পাৰিলে বিশ্বৰ বজাৰ দখল কৰিব পাৰিব। কাৰণ ক্ৰীড়াৰ জৰিয়তে কৰ্মসংস্থাপন, উপাৰ্জন বৃদ্ধি কৰিব পাৰি।’ ডিব্ৰুগড় চৌকিডিঙ্গী খেলপথাৰত অনুষ্ঠিত হোৱা সাংসদ খেল মহোৎসৱৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে ডিব্ৰুগড়ৰ সাংসদ তথা কেন্দ্ৰীয় জাহাজ, বন্দৰ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। ৩১ অক্টোবৰৰ ডিব্ৰুগড় লোকসভা সমষ্টি ভিত্তিত অনুষ্ঠিত হোৱা সাংসদ খেল মহোৎসৱৰ আজি সামৰণি অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভাষণ প্ৰদান কৰি কয় যে, নৰেন্দ্ৰ মোডীয়ে প্ৰধানমন্ত্ৰী হিচাপে ২০১৪ চনত কাৰ্যভাৰ গ্ৰহণ কৰাৰ সময়ৰ পৰাই নিৰন্তৰভাৱে খেলৰ জৰিয়তে সমাজখনক শক্তিশালী কৰি ৰাষ্ট্ৰ নিৰ্মাণত সংকল্প গ্ৰহণ কৰিছিল‌। ক্ৰীড়াৰ জৰিয়তে সমাজত শান্তি প্ৰতিষ্ঠা কৰা, ভাতৃত্ববোধ গঢ় দিয়া আৰু দেশৰ একতা আৰু অখণ্ডতা প্ৰতি দেশৰ নাগৰিকক দায়বদ্ধ কৰাৰ সংকল্প গ্ৰহণ কৰিছিল। ২০১৪ চনৰ পৰা বৰ্তমানলৈকে ক্ৰীড়া জগতখনত নতুন নতুন পৰিকল্পনা আৰু নীতি পাবলৈ সক্ষম হৈছোঁ।

তাৰ ফলশ্ৰুতিত সমগ্ৰ ভাৰতবৰ্ষত ক্ৰীড়াৰ ক্ষেত্ৰত মানুহৰ আগ্ৰহ, স্পৃহা বৃদ্ধি হৈছে। ক্ৰীড়াৰ প্ৰতি মানুহৰ ধাউতি বৃদ্ধি হৈছে। আৰু সকলোৱে এই কথা উপলব্ধি কৰিছে যে, ক্ৰীড়াৰ জৰিয়তে কেৱল এজন ব্যক্তিক স্বাস্থ্যৱান কৰাই নহয়, মন, শৰীৰ সুস্থ আৰু আত্মাক একাকাৰ কৰি ব্যক্তিত্বৰ মানৱীয় গুণ সমাজ আৰু দেশৰ বাবে কিদৰে প্ৰয়োগ কৰিব পাৰি, তাৰ বাবে মানুহৰ মনত অত্যন্ত দায়বদ্ধতাৰ অনুভূতি আৰু চেতনা গঢ় দিয়া। গতিকে এইখিনি পৰিৱেশ কেৱল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বৰ বাবে পাবলৈ সক্ষম হৈছোঁ। তেখেতৰ ক্ৰীড়াৰ প্ৰতি থকা অগাধ ধাউতিৰ বাবে এই পৰিৱেশ পাইছোঁ। একেটা ভাষণ প্ৰসংগত কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে আৰু কয় যে, খেলৌ ইণ্ডিয়া, ফিট ইণ্ডিয়া আদি কাৰ্যসূচীসমূহ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰৱৰ্তন কৰা। দেশৰ সকলো ৰাজ্যতে এই কাৰ্যসূচী অনুষ্ঠিত কৰি আহিছে। যাৰ বাবে বহু যুৱক-যুৱতী অলিম্পিক খেলিব পৰা খেলুৱৈৰ সৃষ্টি হৈছে।

বিগত ১১ বছৰত বহু প্ৰতিভা চিনাক্ত কৰিবলৈ সক্ষম হৈছে। সেই প্ৰতিভাসমূহক উলিয়াই আনি অধিক শক্তিশালী কৰিবলৈ প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে। সমগ্ৰ দেশতে ক্ৰীড়াৰ আন্তগাথনি উন্নীতকৰণৰো ব্যৱস্থা কৰিছে। দেশজুৰি ক্ৰীড়াৰ বাতাবৰণ গঢ়ি তুলিছে। ডিব্রুগড়তো ক্ৰীড়াৰ প্ৰতি মানুহৰ আগ্ৰহ বৃদ্ধি পোৱা দেখিবলৈ পাইছোঁ। ক্ৰীড়াৰ জৰিয়তে ভাৰতবৰ্ষৰ শক্তি বিশ্বৰ বুকুত উচিতভাৱে যাতে প্ৰদৰ্শন কৰিব পাৰোঁ, তেতিয়া নিশ্চিতভাৱে এইখন দেশক আত্মনিৰ্ভৰ ভাৰত হিচাপে গঢ়ি তুলিবলৈ সক্ষম হ’ব। প্ৰধানমন্ত্ৰীৰ নেতৃত্বত নতুন ক্ৰীড়া নীতি গ্ৰহণ কৰা হৈছে। আমাৰ খেলুৱৈসকলক দেশ-বিদেশত উন্নতমানৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে। প্ৰতিখন ৰাজ্য চৰকাৰে ক্ৰীড়া নীতিক উদগনি দিছে।

আৰু ক্ৰীড়াৰ যোগেদি ছাত্র-ছাত্ৰীসকলে আগন্তক দিনত নিজৰ জীৱনটোক কিদৰে সুন্দৰকৈ প্ৰতিষ্ঠা কৰিব পাৰে, কৰ্মসংস্থাপন, উপাৰ্জন বৃদ্ধি আৰু ক্ৰীড়াক উদ্যোগ হিচাপে নিৰ্মাণ যদি কৰিব পাৰো, তেনেহ’লে বিশ্বৰ বজাৰ আমি দখল কৰিব পাৰিম। আগতে আমি ক্ৰীড়াৰ যোগেদি খেলুৱৈ উৎপাদন হ’ব বুলি ভাবিছিলোঁ। খেলুৱৈসকলে খেলি কিছু পদক পাই জীৱনটো সীমাবদ্ধতা থাকিব এনে নহয়, আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ক্ৰীড়াৰ জৰিয়তে কিদৰে বিশ্বজয় কৰিব পাৰি তাৰ বাবে সুন্দৰ পথৰ সন্ধান দিছে। ভাৰত চৰকাৰে বাজেটত পুঁজিৰ যোগান ধৰা হৈছে আৰু বিভিন্ন নীতিৰ জৰিয়তে আজি খেলুৱৈসকলক উদগনি দিয়া হৈছে। সেইবাবে প্ৰতিখন ৰাজ্য চৰকাৰে বিভিন্ন প্ৰকাৰৰ খেল আয়োজন কৰিছে।

অসম চৰকাৰেও খেল মহাৰণ আয়োজন কৰি জনসাধাৰণক এইক্ষেত্ৰত অধিক সজাগ-সচেতন কৰি তুলিছে। ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত লুকাই থকা খেলুৱৈসকলৰ প্ৰতিভা এনেধৰণৰ প্ৰতিযোগিতাৰ জৰিয়তে চিনাক্ত কৰিবলৈ সক্ষম হম। আনহাতে বাছনি হোৱা খেলুৱৈসকলক উন্নত প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হ’ব বুলি উল্লেখ কৰে সোণোৱালে। দেশৰ খেলৰ বাতাৱৰণক এক নতুন গতি প্ৰদানেৰে অনুষ্ঠিত কৰা ‘সাংসদ খেল মহোৎসৱ’ৰ সামৰণি কাৰ্যসূচীৰ উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰ্চুৱেলী সম্বোধন কৰে। অনুষ্ঠান প্ৰসংগত ডিব্ৰুগড় লোকসভা সমষ্টিৰ দক্ষতাসম্পন্ন খেলুৱৈসকলক এবছৰৰ বাবে জলপানি প্ৰদান কৰাৰ কথা ঘোষণা কৰে সোণোৱালে। অনুষ্ঠানত সাংসদ খেল মহোৎসৱৰ উপলক্ষে প্ৰকাশিত স্মৃতিগ্ৰন্থ উন্মোচন কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ সভাপতি তথা সাংসদ খেল মহোৎসৱৰ সমন্বয়ক নিৰঞ্জন শইকীয়াই আদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানত মন্ত্ৰী প্ৰশান্ত ফুকনো বক্তব্য প্ৰদান কৰে। প্ৰায় সহস্ৰাধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰা অনুষ্ঠানত ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ ডাঃ চৈকত পাত্ৰ, উপ-মেয়ৰ উজ্জ্বল ফুকন, অসম পেট্ৰ’কেমিকেলছ্ লিমিটেডৰ অধ্যক্ষ বিকুল ডেকা, জিলা বিজেপিৰ সভাপতি দুলাল বৰা, ডিব্ৰুগড় উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকা, বি চি পি এল-ৰ পৰিচালন সঞ্চালক প্ৰাঞ্জল চাংমাই, শ্ৰীশ্ৰী অনিৰুদ্ধদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হীৰেন্দ্ৰ নাথ শৰ্মা, ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ কাৰ্যকৰী সভাপতি মানসজ্যোতি দত্ত, সম্পাদক কামাখ্যা শইকীয়া, ডিব্ৰুগড় জিলাৰ আয়ুক্ত বিক্ৰম কৈৰী আদি উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *