জকাইত মুক্তি যোদ্ধা,শিক্ষাবিদ নগেন কাকতিৰ আবক্ষ মূৰ্তি উন্মোচন
চাইন অন ডেস্ক:
ভাৰতীয় গণনাট্য সংঘৰ অসম শাখাৰ সভাপতিৰ আসন অলংকৃত কৰা এগৰাকী মহীৰূহ বিৰল প্ৰতিভা সম্পন্ন সুদক্ষ সমাজ সংগঠক, মুক্তি যোদ্ধা, ৰাজনীতিবিদ, শিক্ষাবিদ, প্ৰগতিশীল লেখক, বিপ্লৱী মনিষী তথা জকাই অঞ্চলৰ খনিকৰ প্ৰয়াত নগেন কাকতিৰ স্মৃতিত জকাই কলিয়নী চাৰিআলি ৫২নং বি পথৰ দাঁতিত পৰিয়াল বৰ্গৰ তত্বাৱধানত সাজি উলিওৱা আবক্ষ মূৰ্তি উন্মোচনী অনুষ্ঠান সম্পন্ন হৈ যায়। এই উপলক্ষে জকাই কোঁৱৰ গাওঁ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ভদ্ৰসেন সোণোৱালে আতঁধৰা কাৰ্যসূচীৰ আৰম্ভণিতে ভাৰতীয় গণনাট্য সংঘৰ অসম ৰাজ্যিকৰ সভাপতি, চিন্তাবিদ লেখক, সাংবাদিক শৰৎ চন্দ্ৰ নেওগে প্ৰয়াত মহীৰূহ নগেন কাকতিৰ আবক্ষ মূৰ্তিৰ সম্মুখত এগছি বন্তি প্ৰজ্বলন কৰি চল্লিশ দশকত প্ৰতিষ্ঠা লাভ কৰা ভাৰতীয় গণনাট্য সংঘৰ সাংস্কৃতিক আন্দোলনটোক গমমুখী কৰি লোক সংস্কৃতিৰ উদ্ধাৰ, নাটমঞ্চ, শিলকলাক সঞ্জীৱিত কৰাৰ ক্ষেত্ৰত প্ৰগতিশীল ভাৱে গণনাট্য আন্দোলনে মুখ্য ভূমিকা গ্ৰহণ কৰিছিল বুলি উল্লেখ কৰে আৰু অসমৰ সমাজ জীৱনত অক্লান্ত গণশিল্পী হেমাংগ বিশ্বাসৰ নেতৃত্বত ভাৰতীয় গণনাট্য আন্দোলনে সুদুৰ প্ৰসাৰী ভাৱে পদক্ষেপ গ্ৰহণ কৰিছিল, সেই গণনাট্য আন্দোলনৰ সৰ্বভাৰতীয় পৰ্যায়ৰ এগৰাকী মহীৰূহ হিচাপে গণশিল্পী নগেন কাকতিয়ে বলিষ্ঠ ভূমিকা পালন কৰিছিল। প্ৰয়াত নগেন কাকতিয়ে গণনাট্য সংঘৰ অসম শাখাৰ সম্পাদক আৰু সভাপতিৰ অলংকৃত কৰাৰ উপৰিও গণনাট্য আন্দোলনৰ জৰিয়তে নাট্য শিল্পী, অভিনেতা, প্ৰগতিশীল লেখক বিপ্লৱী মনিষী হিচাপে অৰিহণা যোগাবলৈ সক্ষম হৈছিল, আনকি শিক্ষাবিদ ৰূপে নগেন কাকতিয়ে শিক্ষাৰ উত্তৰণৰ হকে আগবঢ়োৱা বৰঙণিকে ধৰি প্ৰয়াত নগেন কাকতিৰ অৱদান অনস্বীকাৰ্য্য বুলি ভাৰতীয় গণনাট্য সংঘৰ অসম ৰাজ্যিকৰ সভাপতি শৰৎ চন্দ্ৰ নেওগে নগেন কাকতিৰ সমগ্ৰ ৰচনাৱলী প্ৰকাশ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰি স্মৃতি ৰোমন্থন কৰে। অনুষ্ঠানত বলাই আলোক সন্ধানী অধ্যয়ন চক্ৰৰ সভাপতি গকুল চন্দ্ৰ খাউণ্ডে প্ৰয়াত নগেন কাকতিৰ আবক্ষ মূৰ্তি উন্মোচন কৰি কয় যে আধুনিক জকাই অন্যতম খনিকৰ, শিক্ষাবিদ আৰু ভাৰতীয় গণনাট্য সংঘৰ অন্যতম মহীৰূহ নগেন কাকতিৰ স্মৃতিচাৰণ কৰি তেখেতৰ আদৰ্শক জীয়াই ৰাখিবলৈ সভাক উদ্দেশ্যি সকলোৰে প্ৰতি আহ্বান জনায় আৰু পুৰুধা মহানুভৱ সমাজহিতৈষী নগেন কাকতিৰ লেখনী সন্নিবিষ্ট গ্ৰন্থ প্ৰণয়ন কৰিব পাৰিলেহে সেই মহান ব্যক্তি গৰাকীৰ প্ৰতি আমি জীৱনৰ ওপৰত মূল্যায়ন কৰা হ’ব বুলি প্ৰকাশ কৰে। অনুষ্ঠানত জকাই অঞ্চলৰ প্ৰগতিশীল চিন্তা বিদ তথা প্ৰয়াত নগেন কাকতিৰ অনুৰাগী ও সান্নিধ্য ব্যক্তি দুলন সোণোৱালে প্ৰগতিবাদী চিন্তাধাৰাৰ অধিকাৰী , সমাজ সংগঠক, লেখক নগেন কাকতিৰ মহান আদৰ্শ আৰু চিন্তা দৰ্শনে জকাই অঞ্চল বাসীৰ সদায় অনুপ্ৰেৰণা হৈ থাকিব বুলি উল্লেখ কৰি তেখেতৰ চিন্তাচেতনাৰে সামাজিক, সাংস্কৃতিক, ৰাজনৈতিক উত্তৰণৰ ক্ষেত্ৰত সাম্প্ৰতিক সময়ৰ আহ্বানত প্ৰাসঙ্গিক বুলি প্ৰকাশ কৰে। অনুষ্ঠানত বৰ্তমানৰ কোটোহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত সহকাৰী শিক্ষক যদুনাথ শইকীয়া, জকাই অঞ্চলৰ সমাজ সেৱিকা কৰুণা গগৈ, জকাই প্ৰভাৱ গোষ্ঠীৰ সভাপতি ৰবীন সোণোৱাল, সম্পাদক ৰাজু ভৰালী, অৱসৰপ্ৰাপ্ত শিক্ষক ক্ৰমে ডম্বৰুধৰ সোণোৱাল, উজ্জ্বল বৰুৱা, দিলিপ সোণোৱাল, প্ৰমুখ্যে বহু গণমান্য লোক উপস্থিত থাকে। উল্লেখযোগ্য যে শিক্ষাবিদ প্ৰয়াত নগেন কাকতিৰ জেষ্ঠ্য পুত্ৰ চিৰণজিৎ কাকতিকে ধৰি ক্ৰমে ইন্দ্ৰজিৎ কাকতি, প্ৰসেনজিৎ কাকতি, ৰাণা কাকতি, দেৱজিৎ কাকতি আৰু তেখেত সকলৰ পত্নী সহ সমগ্ৰ পৰিয়াল বৰ্গ ই অনুষ্ঠানৰ উপস্থিত সকলো অতিথিৰ প্ৰতি সেৱা আগবঢ়ায়।