...
Spread the love

 

 

ডিব্ৰুগড়ৰ শ্ৰী দুৰ্গা মন্দিৰ হিন্দী উচ্ছ বিদ্যালয়ত বিশুদ্ধ খোৱা পানী প্ৰকল্প

 

 

চাইন অন ডেস্ক:

মাৰোৱাড়ী সন্মিলন, ডিব্ৰুগড় শাখাৰ দ্বিতীয়টো বিশুদ্ধ খোৱাপানী প্ৰকল্প (অমৃত জল ধাৰা ) ডিব্ৰুগড়ৰ পল্টন বজাৰত অৱস্থিত শ্ৰী দুৰ্গা মন্দিৰ হিন্দী উচ্ছ বিদ্যালয়ত স্থাপন কৰে। উদ্বোধনী অনুষ্ঠানত ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ ডা: সৈকত পাত্ৰ আৰু নামৰূপৰ বাসিন্দা তথা অমৃত জল ধাৰা প্ৰকল্পৰ দান দাতা পৰিয়ালৰ মুৰব্বী সমাজকৰ্মী বাবুলাল পাণ্ডিয়া (জৈন) আৰু তেখেতৰ পৰিয়ালৰ সদস্য উপস্থিত থাকে। সৰ্বপ্ৰথমে অসমৰ গৌৰৱ, জনপ্ৰিয় শিল্পী, প্ৰয়াত জুবিন গাৰ্গৰ ফটোৰ সন্মুখত দীপ প্ৰজ্বলন আৰু পুষ্প অৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।
বিদ্যালয়ৰ চৌহদত এখনি সভাৰ আয়োজন কৰা হয়। ডিব্ৰুগড় শাখাৰ মাৰোৱাৰী সন্মিলনৰ শাখা সভাপতি কৈলাশ ধনুকাৰ অধ্যক্ষতাত অনুষ্ঠিত সভাত সন্মিলনৰ উপদেষ্টা আত্মাৰম বিৰমীৱাল আৰু বিশ্বনাথ গাড়োদিয়া লগতে উত্তৰ-পূৰ্বাঞ্চল প্ৰাদেশিক মাৰোৱাৰী সন্মিলনৰ প্ৰাদেশিক উপ-সভাপতি ড° মহেশ কুমাৰ জৈন উপস্থিত থাকে । প্ৰাদেশিক সংমণ্ডল “ক” ৰ উপ-সভাপতি ৰাজকুমাৰ আগৰৱালা, ডিব্ৰুগড় শাখাৰ সম্পাদক সন্দীপ কেজৰিৱাল, উপ সভাপতি সুৰেশ আগৰৱাল, বিদ্যালয়ৰ অধ্যক্ষ বিনীতা ডেকা, ডিব্ৰুগড় পৌৰ নিগমৰ ২২ নং ৱাৰ্ডৰ কাউন্সিলাৰ সীমা দাস, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি আশীষ দত্ত, দিগম্বৰ জৈন সমাজ, গ্ৰেহামৰ সম্পাদক অনিল জৈন, অমৃত জল ধাৰাৰ দাতা পৰিয়ালৰ ললিত পাণ্ডিয়া (জৈন), আৰু দৰ্শিকা জৈনক মঞ্চত বহুওৱা হয়। মঞ্চত উপস্থিত থকা সকলো অতিথিৰ লগতে সন্মিলনৰ অন্যান্য সদস্যসকলক বিদ্যালয় পৰিচালনা সমিতিয়ে ফুলাম গামোছাৰে আদৰণি জনায়। বিদ্যালয়ৰ ছাত্ৰী সকলে আদৰণি গীত পৰিৱেশন কৰে। ভাষণত ৰাজকুমাৰ আগৰৱালাই উল্লেখ কৰে যে এই অমৃত জলধাৰা প্ৰকল্পৰ বাবে ড° মহেশ কুমাৰ জৈন দেৱে মুখ্য ভূমিকা পালন কৰে।
নিজৰ ভাষণত মুখ্য অতিথি ডা০ সৈকত পাত্ৰই মাৰোৱাৰী সন্মিলনে প্ৰতিষ্ঠা কৰা বিশুদ্ধ খোৱাপানী প্ৰকল্পৰ প্ৰশংসা কৰি খোৱাপানী প্ৰকল্পটো দান কৰা পৰিয়ালটোৰ প্ৰতিও কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ উল্লেখ কৰে যে দাতা পৰিয়াল নামৰূপৰ নিবাসী হোৱা স্বত্বেও ডিব্ৰুগড়ৰ কথা চিন্তা কৰি ৰাইজক বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা কৰিবলৈ আগ বাঢ়ি আহিছে, যিটো সঁচাকৈয়ে প্ৰশংসনীয় বিষয়। লগতে অমৃতধৰাৰ সঠিক ৰক্ষণাবেক্ষণৰ বাবে আহ্বান জনোৱাৰ লগতে প্ৰয়োজন হ’লে পৌৰ নিগমৰ পৰাও সহায় সহযোগিতা কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। ভাষণত ড০ মহেশ কুমাৰ জৈনে অমৃতধৰা দাতা পৰিয়ালক কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ লগতে উল্লেখ কৰে যে ইতিমধ্যে মহানগৰীৰ গ্ৰেহেম বজাৰৰ ধোবিপট্টিত অৱস্থিত “দেৱী থান” মন্দিৰত সন্মিলনৰ বেনাৰত দাতা পাণ্ড্য পৰিয়ালে প্ৰথমটো অমৃত জল ধাৰাৰ স্থাপন কৰে। অনুষ্ঠানত উপস্থিত থাকে মাৰোৱাৰী সন্মিলনৰ উপ-সভাপতি অধিবক্তা সজ্জন কেজৰিৱাল, কাৰ্য্যবাহী সদস্য মহেন্দ্ৰ কেদিয়া, সন্দীপ আগৰৱাল (জনসংযোগ বিষয়া), মনোজ জৈন, আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। দূৰ্গা মন্দিৰ বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী বিনীতা ডেকাই শলাগৰ শৰাইত অমৃত জল ধাৰা প্ৰকল্পৰ দাতা বাবুলাল জৈন (পাণ্ডিয়া) আৰু তেওঁৰ পৰিয়ালৰ সকলো সদস্যক এই জনকল্যাণমূলক পদক্ষেপৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে। সংগঠনটোৰ আমন্ত্ৰণ গ্ৰহণ কৰি অমৃত জল ধৰা প্ৰকল্প উদ্বোধন কৰাৰ বাবে ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ ডা সৈকত পাত্ৰ দেৱক ধন্যবাদ জ্ঞাপন কৰা হয়। লগতে মাৰোৱাৰী সন্মিলন ডিব্ৰুগড় শাখাৰ দ্বিতীয় “অমৃত জল ধৰা প্ৰকল্প” উদ্বোধনী অনুষ্ঠানত নিজৰ বহুমূলীয়া সময় অৱদান আগবঢ়োৱা সন্মিলনৰ সকলো সদস্যক আৰু ইয়াক সফল কৰি তোলাত অংশগ্ৰহণ কৰাৰ বাবে উপস্থিত সকলো ব্যক্তিকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে। বিশেষ ধন্যবাদ জ্ঞাপন কৰা হয় ৰাজকুমাৰ আগৰৱালাক, যিহেতু তেখেতে অনুষ্ঠানটো সুন্দৰ ভাৱে পৰিচালনা কৰি সভাক সাফল্য মণ্ডিত কৰাত বিশেষ সহায় আগবঢ়ায় । ডিব্ৰুগড় শাখাৰ মাৰোৱাৰী সন্মিলনৰ জনসংযোগ বিষয়া সন্দীপ আগৰৱালাৰ এক বিজ্ঞপ্তিত প্ৰকাশ।

Leave a Reply

Your email address will not be published. Required fields are marked *