...

গুৱাহাটীৰ কিয়’কুশ্বিন ৱাৰিয়ৰ একাডেমীৰ ১৫গৰাকী প্ৰতিযোগীৰ ২২ টা পদক লাভ

গুৱাহাটীৰ কিয়’কুশ্বিন ৱাৰিয়ৰ একাডেমীৰ ১৫গৰাকী প্ৰতিযোগীৰ ২২ টা পদক লাভ

নগাঁও,

উত্তৰাখণ্ডৰ ডেহৰাডুনত যোৱা ৩০ নৱেম্বৰত ৩৫ সংখ্যক সৰ্বভাৰতীয় ফুল কণ্টেক্ট কিয়’কুশ্বিন কাৰাটে প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়। পেৰেড গ্ৰাউণ্ড স্প’ৰ্টছ কমপ্লেক্সত অনুষ্ঠিত
প্ৰতিযোগিতাখনিত গুৱাহাটীৰ কিয়’কুশ্বিন ৱাৰিয়ৰ একাডেমীয়ে বৃহৎ সফলতা লাভ কৰিছে। প্ৰশিক্ষক অম্বিকা দত্ত আৰু অভিষেক ঠাকুৰৰ তত্ত্বাৱধানত একাডেমীখনৰ মুঠ ১৫ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰি সৰ্বমুঠ ২২টা পদক আজুৰি ৰাজ্যলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হয়।
কুমিটে শাখাত সোণৰ পদক অৰ্জন কৰা খেলুৱৈসকল ক্ৰমে–শ্ৰিয়া দত্ত, স্মৃতিশিখা ৰহাং,মমী ৰাভা,বিকাশ দাস,জুৰাশী দাস। ৰূপৰ পদক লাভ কৰে–অনিৰুদ্ধ খাটনিয়াৰ,বৰুণ মল্ল বুজৰবৰুৱা,ভাৱনা হাজৰিকাই। ইপিনে হৃষিত দত্ত,বেবী ৰংহাং,বৰ্ণিত গোস্বামী,কৃষিৱ ভট্টাচাৰ্জী,মনজিৎ ৰায়,ৰুদ্ৰাক্ষী কাশ্যপে প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয়। তদুপৰি,কটা শাখাত সোণৰ পদক লাভ কৰে ড° সুনীল মল্ল বুজৰবৰুৱা, হৃষিত দত্ত,বেবী ৰহাং,মমী ৰাভা, ৰুদ্ৰাক্ষী কাশ্যপ,জুৰাশী দাস,ভাৱনা হাজৰিকাই আৰু ৰূপৰ পদক লাভ কৰে স্মৃতিশিখা ৰংহাঙে ।

Leave a Reply

Your email address will not be published. Required fields are marked *