ধুবুৰীত সুধাকন্ঠৰ চতুৰ্দশ মৃত্যুবার্ষিকী উপলক্ষে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান
ধুবুৰী:
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ল’গতে আজি ধুবুৰীতো গণশিল্পী, পদ্মশ্ৰী ডঃ ভূপেন হাজৰিকাৰ চতুৰ্দশ মৃত্যুবার্ষিকীৰ সৈতে সংগতি ৰাখি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত তথা ধুবুৰী জিলা প্ৰশাসনৰ সহযোগত ধুবুৰীৰ ভোলানাথ মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত সুধাকন্ঠৰ সেই শ্ৰদ্ধাঞ্জলি অনুষ্ঠিত হোৱা সেই কাৰ্যসূচীত শিল্পীগৰাকীৰ অলেগ অনুৰাগী উপস্থিত থাকে। আজিৰ সেই অনুষ্ঠানত বিভিন্ন বিদ্যালয়, মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীকে ধৰি সৰ্বমুঠ পাঁচ হাজাৰ লোকে শিল্পীগৰাকীৰ কালজয়ী “মানুহ মানুহৰ বাবে” গীতটি পৰিৱেশন কৰে। মুখ্য অতিথি ৰূপে উপস্থিত থকা ধুবুৰীৰ নজৰুল হ’ক উপস্থিত থকা আজিৰ সেই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ধুবুৰী জিলাৰ আয়ুক্ত দিবাকৰ নাথ, ধুবুৰী পৌৰসভাৰ অধ্যক্ষ ডাঃ দেৱময় সান্ন্যাল, ধুবুৰী-গৌৰীপুৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ দীপক কুমাৰ সাহা, বিজেপিৰ ধুবুৰী সাংগঠনিক জিলাৰ সভাপতি ৰঞ্জিত কুমাৰ ৰায়, খ্যাতনামা কত্থক শিল্পী ইতিহাস ইনগ্ৰীড নন্দী প্ৰমুখ্যে বহু মান্যগণ্য ব্যক্তি উপস্থিত আছিল
