...

নগৰবেৰাত ১৩ ঠগ-প্ৰৱঞ্চক আটক

নগৰবেৰাত ১৩ ঠগ-প্ৰৱঞ্চক আটক

নগৰবেৰা,৫ছেপ্তেম্বৰ:

মুখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশৰ পাছতেই ৰাজ্যজুৰি ঠগ-প্ৰৱঞ্চকৰ বিৰুদ্ধে কঠোৰ হৈ উঠিছে আৰক্ষী।এক বৃহৎ অভিযান চলাই কামৰূপৰ নগৰবেৰা অঞ্চলত থানাৰ আশে-পাশে জনসাধাৰণক প্ৰতাৰণা কৰা আৰু ধন দাবী কৰাত জড়িত এটা সংগঠিত অপৰাধী চক্ৰৰ কেবাজনকৈ লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।বৃহত্তৰ নগৰবেৰাৰ জামলাই, পলাহৰটাৰী, টুপামাৰী, ভখুৰাদিয়া, কল্যাণপুৰ আদি অঞ্চলৰ পৰা মুঠ ১৩ জনক গ্ৰেপ্তাৰ কৰে, একেদৰে মন্দিৰা আৰক্ষী চকী এলেকাৰ দুজনকো গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।তদন্ত আৰু বিভাগীয় গোপন অনুসন্ধানৰ অন্তত এই ব্যৱস্থা গ্ৰহণ কৰা বুলি আৰক্ষী সূত্ৰে প্ৰকাশ। অনুসন্ধানত এই সংগঠিত অপৰাধী চক্ৰটোৱে থানা চৌহদৰ আশে-পাশে শিপাই আৰু বিপদত পৰা সাধাৰণ নাগৰিকে প্ৰকৃত আৰক্ষী বিষয়াৰ ওচৰলৈ যোৱাৰ পূৰ্বেই তেওঁলোকক বাটতে ভেটা দিয়া বুলিও পোহৰলৈ অহাৰ বাবেই আৰক্ষীয়ে এই পদক্ষেপ লোৱা বুলি জানিব পৰা গৈছে।গ্ৰেপ্তাৰ হোৱা সকলো ব্যক্তিক মাৰাথান জেৰা অব্যাহত ৰাখিছে আৰু এই চক্ৰটোৰ সৈতে জড়িত অতিৰিক্ত আবেদন লেখক (petition writers), সহযোগী তথা বিত্তীয় লেনদেনৰ সন্ধান উলিয়াবলৈও আৰক্ষীৰ অভিযান অব্যাহত আছে আৰু তালিকা দীঘলীয়া বুলিও জানিব পৰা গৈছে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাসকল যথাক্ৰমে-জাকিৰ হুছেইন,জালাল উদ্দিন,হবিবৰ ৰহমান, মোজাম্মিল হক,বাক্কাৰ হুছেইন, আব্দুল কাদেৰ,আলী হুছেইন, আছাৰুদ্দিন,আব্দুৰ ৰৌফ, মানিক আলী,আব্বাচ আলী, জেহেৰুল ইছলাম আৰু আব্দুল লতিফ মণ্ডল (মুঠ ১৩ জন)।কামৰূপ জিলা আৰক্ষীয়ে জনসাধাৰণক থানাৰ বাহিৰত কোনো দালাল, মধ্যভোগী বা অননুমোদিত ব্যক্তিৰ সৈতে কোনো ধৰণৰ লেনদেন নকৰিবলৈ আহ্বান জনাইছে। এনে চক্ৰৰ দ্বাৰা প্ৰতাৰিত হোৱা যিকোনো নাগৰিকক নিৰ্ভয়ে পোনে পোনে জ্যেষ্ঠ আৰক্ষী বিষয়াসকলৰ সৈতে যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে আৰক্ষীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *