ডিব্ৰুগড় আছুৰ ১২ ঘন্টাৰ অনশন কাৰ্যসূচী
ডিব্ৰুগড় নগৰৰ সুৰক্ষা, গঢ়াখহনীয়া প্ৰতিৰোধৰ গাফিলতিৰ প্ৰতিবাদ
*চাইন অন ডেস্ক:*
ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই সৰ্বশ্ৰান্ত কৰি অহা ডিব্ৰুগড় নগৰৰ সুৰক্ষা তথা গঢ়াখহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰত ৰাজ্যৰ জলসম্পদ বিভাগৰ হেমাহি আৰু গাফিলতিৰ প্ৰতিবাদত ডিব্ৰুগড় আছুৰ অনশন কাৰ্যসূচী। ডিব্ৰুগড় ফুল বাগানত ব্ৰহ্মপুত্ৰ নদীৰ পাৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমিপত ডিব্ৰুগড় আছুৱে ১২ ঘণ্টীয়া অনশন কাৰ্যসূচী ৰূপায়ন কৰে। উল্লেখযোগ্য যে, ঐতিহাসিক ডিব্ৰুগড় চহৰৰ মাইজানৰ পৰা বগীবিল দলঙৰ সমীপৰ লৈকে
ব্ৰক্ষ্মপুত্ৰৰ গঢ়াখহনীয়াই বিভিন্ন সময়ত ভাবুকি কঢ়িয়াই আনিছে।এক জলন্ত সমস্যা হৈ ঠিয় দিয়া গঢ়াখহনীয়া প্ৰতিৰোধৰ বাবে ইতিমধ্যে ৰাজ্য চৰকাৰে বহু প্ৰকল্প আৰু আঁচনি ৰুপায়ণ কৰিছে যদিও প্ৰতিৰোধৰ ক্ষেত্ৰত সফল হোৱা নাই। বৰ্তমানেও আওপুৰণি পাৰ্কোকাইন,জিঅ’বেগ আদিৰ জৰিয়তে প্ৰতিৰোধৰ চেষ্টা কৰি আহিছে যদিও প্ৰতিৰোধৰ কাম চলি থকাৰ মাজতে খহনীয়াই বহু সময়ত পাৰ্কোপাইন, জিঅ’বেগ আদি খহাই লৈ গৈছে বহু বাৰ। তদুপৰি পুনৰ বাৰিষা সমাগত যদিও অত্যন্ত লেহেমীয়া
গতীৰে বিভাগৰ জৰিয়তে কাম চলাই নিছে।যাৰ বাবে ডিব্ৰুগড় আছুৱে প্ৰতিৰোধৰ কাম খৰটকীয়া আৰু উন্নত প্ৰযুক্তিৰে কৰাৰ দাবীত পুৱা ৬বজাৰ পৰা ১২ ঘণ্টীয়া অনশনৰ কাৰ্যসূচী ৰূপায়ন কৰি জলসম্পদ বিভাগৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰে।
Like this:
Like Loading...