...

ডিব্ৰুগড়ত অচিনাক্ত মৃতদেহ উদ্ধাৰ

ডিব্ৰুগড়ত অচিনাক্ত মৃতদেহ উদ্ধাৰ

চাইন অন ডেস্ক,৫জুলাই:

ডিব্ৰুগড় আৰক্ষী থানাৰ অধীনত ডিব্ৰুগড়ৰ ডিটিপি ডাইকৰ সমীপত ব্ৰহ্মপুত্ৰ নদীত ওপঙি থকা অৱস্থাত এটা অচিনাক্ত মৃতদেহ উদ্ধাৰ হয়।কালি এই তথ্য লাভ কৰাৰ লগে লগে আৰক্ষী জোৱানসকল সেই স্থানলৈ গৈ নদীত ওপঙি থকা এজন অজ্ঞাত ব্যক্তিৰ মৃতদেহ উদ্ধাৰ কৰে।
স্থানীয় ৰাইজৰ লগতে এছডিআৰএফৰ জোৱানৰ সহযোগত নদীৰ পৰা উদ্ধাৰ কৰা হয় মৃতদেহটো। ইয়াৰ পিছতে আইনী পদ্ধতি অনুসৰি কাৰ্যবাহী দণ্ডাধীশে মৃতদেহটোৰ ওপৰত তদন্ত আৰম্ভ কৰি শেষ হোৱাৰ পিছত মৃতদেহটো ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ মৰ্গলৈ স্থানান্তৰিত কৰি মৃতদেহটো চিনাক্তকৰণৰ বাবে ২৪ ঘণ্টা সময় সংৰক্ষণ কৰি ৰখা হব বুলি জানিব পৰা গৈছে।মৃত ব্যক্তিজনৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই।পিন্ধনত নীলা ৰঙৰ জিনচ আৰু এটা টি-চাৰ্ট আছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *