মাৰ্ঘেৰিটাত কাব্য দিন উদযাপন
আঢ়ৈ কুৰি কবিৰ স্বৰচিত কবিতা পাঠেৰে জীপাল কয়লা নগৰী
মানস প্ৰতিম গগৈ
মাৰ্ঘেৰিটা,৫ জুলাই:

অনুষ্ঠানত তিনিখনকৈ গুৰুত্বপূৰ্ণ কাব্য গ্ৰন্থ আৰু পত্ৰিকা উন্মোচন কৰা হয়:১. মাৰ্ঘেৰিটা শাখা কবি সন্মিলনৰ পত্ৰিকা সম্পাদক সমীৰণ বৰঠাকুৰৰ সম্পাদনাত প্ৰকাশিত বাৰ্ষিক কাব্য পত্ৰিকা ‘থুপিতৰা’ উন্মোচন কৰে ধেমাজি জিলা কবি সন্মিলনৰ সভাপতি নবীন কামানে।২. মাৰ্ঘেৰিটা শাখা কবি সন্মিলনৰ সভাপতি শশীধৰ শ্যামৰ ৰচিত কাব্য গ্ৰন্থ ‘ইয়াত এখন দলং লাগে’ উন্মোচন কৰে কেন্দ্ৰীয় সাধাৰণ সম্পাদক পাৰভিচ হুছেইনে।৩. কবি ববী বৰাৰ ৰচিত কাব্য গ্ৰন্থ ‘কজলা সপোনৰ জলঙাৰে’ উন্মোচন কৰে বিশিষ্ট কবি তথা ‘কাব্য নন্দিনী’ৰ আহ্বায়ক মানসী গগৈয়ে। এই অনুষ্ঠানত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা আঢ়ৈ কুৰি (প্ৰায় ৫০ গৰাকী) কবিয়ে অংশগ্ৰহণ কৰি নিজৰ স্বৰচিত কবিতা পাঠেৰে প্ৰেক্ষাগৃহ জীপাল কৰি তোলে। কবিতা পাঠ কৰা প্ৰমুখ কবিসকলৰ ভিতৰত আছিল— সুখিনী দোৱনীয়া, উৰ্মিলা ৱাখেত, বৰ্ণালী গগৈ, পাৰুল শইকীয়া দুৱৰী, পৰাণ জ্যোতি ভূঞা, শশীধৰ শ্যাম, ৰুক্মিণী হালৈ, পুলক গগৈ, মানসী গগৈ, ৰিদীপ বৰুৱা, জুলী মৰাণ গগৈ, ৰশ্মি ৰেখা শইকীয়া বৰগোহাঁই, চ্যুহোম সন্দিকৈ, শ্যামলী বুঢ়াগোহাঁই, দীপশ্ৰী দাস সৰকাৰ, ইলা বৰা, ববী বৰা, সান্ত্বনা বুঢ়াগোহাঁই হাজৰিকা, ডলী শৰ্মা, নিতুস্মিতা শৰ্মা, মলয়া কলিতা, বিনু শৰ্মা, শিখা ৰাণী বৰুৱা গগৈ, সীমা পাল আৰু ৰেবিকা নেওগ।ইয়াৰ উপৰিও, মাৰ্ঘেৰিটা অঞ্চললৈ বিশেষ গৌৰৱ কঢ়িয়াই অনা তিনিগৰাকী কৃতি মহিলা ক্ৰমে— পাৰুল শইকীয়া দুৱৰী, বৰ্ণালী গগৈ আৰু উৰ্মিলা ৱাখেতক অনুষ্ঠানত চেলেং চাদৰ, স্মাৰক আৰু প্ৰশস্তি পত্ৰৰে বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানৰ শেষৰ ফালে কনমানি অৰণ্যা গগৈয়ে পৰিৱেশন কৰা এটি গীতে উপস্থিত সকলোৰে মন মুহিবলৈ সক্ষম হয়।