...

ইউ’কো’বেংকৰ অ বি চি কৰ্মচাৰী ফেডাৰেচন নতুন ৰাজ্যিক সমিতি গঠন

ইউ’কো’বেংকৰ অ বি চি কৰ্মচাৰী ফেডাৰেচন নতুন ৰাজ্যিক সমিতি গঠন

দিপাম জ্যোতি বৰুৱাটিক সভাপতি

তৃপ্তি শইকীয়াক সাধাৰণ সম্পাদক নিৰ্বাচিত

গুৱাহাটী,২৪ আগষ্ট:

ৰাষ্ট্ৰীয়কৃত বিত্তীয় প্ৰতিষ্ঠান ইউ’কো বেংকৰ অ’ বি চি কৰ্মচাৰী ফেডাৰেচনৰ এখন গুৰুত্বপূৰ্ণ প্ৰথম সন্মিলনখনি শনিবাৰে গুৱাহাটীৰ হোটেল ব্ৰহ্মপুত্ৰ মধুকুল্যাত অনুষ্ঠিত হৈ যায়।
সভাত ইউকো বেংকৰ অ বি চি কৰ্মচাৰী ফেডাৰেচন, এল দি এম্ কামৰূপ আৰু ষ্টেট বেংক অফ ইণ্ডিয়াৰ অ বি চি কৰ্মচাৰী পৰিষদৰ সভাপতিৰ আৰু ৰাষ্ট্ৰীয় সমিতিৰ বিশিষ্ট ব্যক্তিসকলৰ লগতে উত্তৰ-পূৰ্ব অঞ্চলৰ সত্তৰ (৭০) গৰাকীৰো অধিক প্ৰতিনিধি সদস্য উপস্থিত থকা
সভাত ৩৬ জননীয়া বিষয়ববীয়া আৰু সমিতিৰ সদস্যক লৈ নতুন ৰাজ্যিক সমিতিখন গঠন কৰা হয়। সভাত শ্যামানন্দ সিনহাক সৰ্বসন্মতি ক্ৰমে মুখ্য বিষয়া, দিপাম জ্যোতি বৰুৱাটিক সভাপতি,– সুভংকৰ দত্তক উপ-সভাপতি , উৎপল দাস আৰু অমিত ঘোষক, উপ-সভাপতি আৰু তৃপ্তি শইকীয়াক সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত কৰা হয়। আনহাতে এই নতুন সমিতিখনে ইউ কো -বেংকৰ অ’বিচি কৰ্মচাৰীসকলৰ কল্যাণ, সৱলীকৰণ আৰু সজাগতাকে ধৰি মানৱ সম্পদ উন্নয়নৰ ওপৰত সকলোৱে সহযোগিতাত আগন্তক দিনত কাম কৰিব বুলি সভাই দায়িত্ব লোৱা লগতে প্ৰস্তাৱ গ্ৰহণ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *