নগৰবেৰাত জহিখহি গৈছে আওপুৰণি চিকিৎসালয় গৃহ!
খহিব ধৰিছে বিল্ডিংৰ চাদ
জনজীৱনৰ প্ৰতি ভাবুকি!
নগৰবেৰা,২৪আগষ্ট:
কামৰূপৰ নগৰবেৰা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ আওপুৰণি চিকিৎসালয় গৃহত পদে পদে বিপদৰ আশংকা, যিকোনো মুহুৰ্ততে খহিব পাৰে বিল্ডিং ৰ চাদ কিয়নো ইতিমধ্যেই কেবাস্থানতো খহিছে চিকিৎসালয় বিল্ডিংৰ চাদখন।ৰোগী আৰু ৰোগীৰ আত্মীয়ৰ বাবে অতিকে বিপজ্জনক হৈ পৰিছে এই চৰকাৰী চিকিৎসালয় খন।
চিকিৎসালয় বিল্ডিং ৰ চাঁদত মেলিছে বৃহৎ বৃহৎ ফাট, আনকি কেবাস্থানতো চাদৰ চিমেণ্ট খহি ওলাই পৰিছে ৰ’ড বোৰ।যিকোনো মুহুৰ্ততে খহি পৰিব পাৰে চিকিৎসালয় বিল্ডিং ৰ চাদ খন।
সমষ্টিৰ নৱ নিৰ্বাচিত বিধায়ক ৰাজু মেছ তথা ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মালৈ শীঘ্ৰে চিকিৎসালয় খন উন্নীতকৰণৰ দিহা কৰিবলৈ দাবী জনাইছে সচেতন ৰাইজে।
