কৰ্তব্য স্থানলৈ গৈ থকা অৱস্থাত সন্ধানহীন !
লোক নিৰ্মাণ বিভাগৰ কৰ্মচাৰী ৰোহন চন্দ্ৰ বৰা
গুৱাহাটী,২৩আগষ্টঃ
নিজ গৃহৰ পৰা কৰ্তব্য স্থানলৈ গৈ থকা অৱস্থাত সন্ধানহীন হৈছে লোক নিৰ্মাণ বিভাগৰ ২৮ বছৰীয়া কৰ্মচাৰী ৰোহন চন্দ্ৰ বৰা। প্ৰাপ্ত তথ্য অনুসৰি মূল গৃহ উত্তৰ গুৱাহাটী ৰংমহল যদিও কৰ্মসূত্ৰে মৰিগাঁও জিলাৰ সোণাৰী গাঁৱত থকা পিতৃ প্ৰয়াত হৰেণ চন্দ্ৰ বৰা আৰু মাতৃ মামনী বৰাৰ পুত্ৰ ৰোহন চন্দ্ৰ বৰা (২৮) যোৱা ২১ আগষ্ট শুক্ৰবাৰৰ পৰা নিজ কৰ্তব্য স্থান নগাঁও অভিমুখে যোৱাৰ পিছৰে পৰা সন্ধানহীন হৈ আছে। নিজ বাসস্থান মৰিগাও জিলাৰ সোণাৰীগাঁৱৰ পৰা ৰোহনে নিজা দুচকীয়া বাহন খনলৈ কৰ্মস্থলীলৈ ওলাই গৈছিল যদিও আজি পৰ্য্যন্ত ঘৰলৈ ঘূৰি নহাত কন্দনত ভাগি পৰিছে পৰিয়ালটো। পৰিয়ালৰ তৰফৰ পৰা সাম্ভাব্য সকলো স্থানত বিচাৰিছে যদিও ৰোহনৰ কোনো সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই। কন্দনত ভাগি পৰা পৰিয়ালটোৱে উপায়হীন হৈ অৱশেষত স্থানীয় আৰক্ষী থানাত বিষয়টো অৱগত কৰে। আৰক্ষীয়ে ৰোহনক উদ্ধাৰ কৰাৰ বাবে অনুসন্ধান আৰম্ভ কৰিছে যদিও বাতৰি যুগুতোৱা সময়লৈকে ৰোহনৰ সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই।কোনো সদাশয় ব্যক্তিয়ে ৰোহনৰ সন্ধান লাভ কৰিলে পৰিয়ালৰ তৰফৰ পৰা ৮৭২৩৮৮১৯৫৫, আৰু ৯৬৭৮৭৭৪৬৬৮ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে।