দলগাঁৱত এম্বুলেঞ্চৰ খুন্দাত নিহত দুই বাইক আৰোহী
দৰং:
দৰঙৰ দলগাঁৱত হৈছে এক শিহৰণকাৰী পথ দুর্ঘটনা । দলগাঁও-কৌপাতী অসম মালা পথৰ জাকুৱাপাৰাত সংঘটিত দূৰ্ঘটনাটোত নিহত হৈছে দুই বাইক আৰোহী । প্রাপ্ত বাতৰি মতে তীব্ৰবেগী নম্বৰবিহীন এখন এম্বুলেঞ্চে একে দিশৰ পৰা গৈ থকা AS12 AA 7807 নম্বৰৰ এখন পালছাৰ বাইকক খুন্দিৱাই চোঁচোৰাই নি পথৰ কাষৰ খেতিত পেলায় । স্থানীয় লোকে ঘটনাস্থলীৰ পৰা যুৱকদ্বয়ক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে৷ ইয়াৰে এজনৰ থিতাতে ম়ত্যু হয় আনজনৰ চিকিৎসালয়লৈ নিয়াৰ পথত মৃত্যু হয়৷ নিহত যুবক দ্বয়ক এতিয়ালৈ চিনাক্তকৰণ হোৱা নাই৷