...

চিকিৎসকেই চিকিৎসকক প্ৰহাৰ!

Spread the love

চিকিৎসকেই চিকিৎসকক প্ৰহাৰ!

অসম চিকিৎসা মহাবিদ্যালয়ত অঘটন

অধ্যাপকৰ প্ৰহাৰত কনিষ্ঠ চিকিৎসক আহত

চাইন অন ডেস্ক:

ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত এগৰাকী শিশু শল্য চিকিৎসকে এগৰাকী কনিষ্ঠ চিকিৎসকক পথৰ ওপৰতে গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰা ঘটনাই মহাবিদ্যালয়খনত এক চেপা উত্তেজনাই বিৰাজ কৰিছে।অভিযোগ অনুসৰি কালি সন্ধিয়া প্ৰায় ৬-১৫ মান বজাত চিকিৎসালয় মহাবিদ্যালয়খনৰ প্ৰসূতি বিভাগৰ নিজ কৰ্ম কৰি ঘূৰি আহি থাকোতে মহাবিদ্যালয়ৰ মাজ ভাগতে শিশু শল্য চিকিৎসা বিভাগৰ ডাঃ প্ৰদীপ কুমাৰ দেউৰী নামৰ অধ্যাপক গৰাকীয়ে প্ৰসূতি বিভাগৰ স্নাতকোত্তৰ ডিগ্ৰীৰ চিকিৎসক ডাঃ ৰেজাউল হকক বহু প্ৰশ্ন কৰি বিব্ৰত কৰে।অভিযোগ অনুসৰি কি নাম,কৰ হয় আদি প্ৰশ্ন সুধি হকক ডিঙিত ধৰি বহু দূৰলৈ চোঁচৰাই লৈ যোৱাৰ লগতে পথৰ ওপৰতে গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰে।দেউৰীৰ এই কাৰ্য্যক অন্য কেইগৰাকীমান চিকিৎসকে বাধা প্ৰদান কৰাত আৰু ঘটনাস্থলীত এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হোৱাত দেউৰী সেই ঠাইৰ পৰা আৃতৰি যায়।এই দৃশ্য বহুতে কেমেৰাত বন্দী কৰি সামজিক মাধ্যমত ইতিমধ্যে প্ৰকাশ কৰে।ঘটনা ঘটি যোৱাৰ পিছত চিকিৎসক ডাঃ হকে বৰবাৰী থানাত অধ্যাপক ডাঃ দেউৰীৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে যদিও বাতৰি লিখা সময়লৈকে আৰক্ষীয়ে অভিযুক্ত চিকিৎসক গৰাকীৰ বিৰুদ্ধে কোনো বিহিত ব্যৱস্থা গ্ৰহণ কৰা নাই।শিশু শল্য চিকিৎসক ডাঃ দেউৰীৰ এনে কাৰ্য্যক গৰিহণা দিছে সদৌ অসম থলগিৰি মুছলিম জাতীয় ঐক্য পৰিষদ ডিব্ৰুগড় শাখাই। ঐক্য পৰিষদৰ সভাপতি ইমৰাণ হুছেইনে কয় যে এনে কাৰ্য্য সংঘটিত কৰা অতি নিন্দনীয় আৰু অভিযুক্ত চিকিৎসক গৰাকীৰ ওপৰত মেডিকেল কৰ্তৃপক্ষ, জিলা প্ৰশাসন আৰু চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু উপযুক্ত শাস্তিৰ ব্যৱস্থা গ্ৰহণৰে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হব লক্ষনীয়।

Leave a Reply

Your email address will not be published. Required fields are marked *