...

ট্ৰাক, HMV আৰু MMV বাহন সমূহ নিশা ৯:০০ বজাৰ পৰা পুৱা ৬:০০ বজাৰ ভিতৰতহে ডিব্ৰুগড় মহানগৰত প্ৰৱেশৰ অনুমতি

ট্ৰাক, HMV আৰু MMV বাহন সমূহ নিশা ৯:০০ বজাৰ পৰা পুৱা ৬:০০ বজাৰ ভিতৰতহে ডিব্ৰুগড় মহানগৰত প্ৰৱেশৰ অনুমতি

 

চাইন অন ডেস্ক,১১জুন:

ডিব্ৰুগড় চহৰত বৃদ্ধি পোৱা যান-জঁটৰ সমস্যা আৰু আমোলাপট্টি ফ্লাইঅ’ভাৰ তথা মানকটা ৰোডৰ ৰে’লৱে অভাৰ ব্ৰিজ (ROB) নিৰ্মাণ কাৰ্য চলি থকাৰ পৰিপ্ৰেক্ষিতত, ডিব্ৰুগড় জিলা আয়ুক্তৰ অধ্যক্ষতাত ডিব্ৰুগড় জিলা পথ সুৰক্ষা সমিতিয়ে (DRSC) চহৰখনৰ ভিতৰত গধুৰ যান-বাহন (HMV) আৰু মজলীয়া যান-বাহন (MMV) চলাচল নিয়ন্ত্ৰণৰ বাবে এক নিৰ্দেশনা জাৰি কৰিছে।

লোক নিৰ্মাণ বিভাগ (পথ)ৰ পৰা পোৱা প্ৰতিবেদন অনুসৰি নিৰ্মাণ কাৰ্য চলি থকাৰ সময়ত যান-জঁট বৃদ্ধি আৰু পথ সুৰক্ষাৰ ক্ষেত্ৰত সৃষ্টি হ’ব পৰা সম্ভাৱ্য বিপদক লৈ উদ্বেগ প্ৰকাশ পোৱাৰ পিছতে এই সিদ্ধান্ত লোৱা হৈছে। উক্ত বিষয়টো সন্দৰ্ভত যোৱা ৩ জুন, ২০২৬ তাৰিখে অতিৰিক্ত জিলা আয়ুক্ত (পৰিবহন)ৰ নেতৃত্বত ডিব্ৰুগড় ব্যৱসায়ী সন্থাকে ধৰি বিভিন্ন অংশীদাৰৰ সৈতে এক আলোচনা অনুষ্ঠিত হয়।

নিৰ্দেশনা অনুসৰি, ট্ৰাক, HMV আৰু MMV বাহন সমূহক কেৱল নিশা ৯:০০ বজাৰ পৰা পুৱা ৬:০০ বজাৰ ভিতৰতহে ডিব্ৰুগড় চহৰত প্ৰৱেশ, চলাচল, সামগ্ৰী কঢ়িওৱা (load) আৰু নমোৱাৰ (unload) অনুমতি প্ৰদান কৰা হ’ব। এনে সকলো বাহন পুৱা ৬:০০ বজাৰ ভিতৰত চহৰৰ সীমাৰ পৰা বাহিৰ হ’ব লাগিব আৰু কোনো গধুৰ বা মজলীয়া সামগ্ৰী কঢ়িওৱা বাহনক নিষিদ্ধ সময়ছোৱাত চহৰৰ ভিতৰত থাকিবলৈ অনুমতি দিয়া নহ’ব।

তদুপৰি, ডিব্ৰুগড় চহৰত প্ৰৱেশ কৰা সকলো ট্ৰাক আৰু সামগ্ৰী কঢ়িওৱা HMV/MMV-এ ডিব্ৰুগড় বাইপাছ হৈ চাউলখোৱা পথেৰে চলাচল কৰিব লাগিব। ডিব্ৰুগড় ট্ৰেফিক আৰক্ষীয়ে ইয়াৰ বাবে প্ৰয়োজনীয় যান-বাহন পৰামৰ্শিকা (traffic advisory) আৰু ৰুট মেপ (route map) প্ৰকাশ কৰিব। ডিব্ৰুগড় ট্ৰেফিক আৰক্ষী আৰু জিলা পৰিবহন বিষয়াক এই নিয়মসমূহ কঠোৰভাৱে বলবৎ কৰিবলৈ আৰু চহৰৰ ভিতৰত গধুৰ বাহনৰ অনুমোদিত পাৰ্কিং ৰোধ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। ডিব্ৰুগড় পৌৰ নিগমেও নিৰ্ধাৰিত স্থানসমূহত প্ৰয়োজনীয় “ন’ পাৰ্কিং” ফলক আৰু অন্যান্য ট্ৰেফিক সংকেত স্থাপন কৰিব।

জৰুৰীকালীন আৰু অত্যাৱশ্যকীয় সেৱাৰ বাহনসমূহক অতিৰিক্ত জিলা আয়ুক্ত (পৰিবহন), ডিব্ৰুগড়ৰ পৰা আগতীয়া অনুমতি লৈ case-by-case basisত এই নিষেধাজ্ঞাৰ পৰা ৰেহাই দিয়া হ’ব পাৰে।

ডিব্ৰুগড় চহৰত পথ সুৰক্ষা উন্নত কৰা, যান-জঁট হ্ৰাস কৰা আৰু যান-বাহন চলাচল সুচল কৰি তোলাৰ স্বাৰ্থত লোৱা এই পদক্ষেপসমূহ ৰূপায়ণত সহযোগিতা কৰিবলৈ জিলা প্ৰশাসনে পৰিবহনকাৰী, ব্যৱসায়ী আৰু বাহন চালকসকলৰ প্ৰতি আহ্বান জনাইছে। এই নিৰ্দেশনা উলংঘা কৰিলে ভাৰতীয় ন্যায় সংহিতা (BNS)ৰ ধাৰা ২২৩ আৰু প্ৰযোজ্য অন্যান্য আইন তথা বিধিৰ অধীনত শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *