...

বাংলাদেশত হিন্দুক আক্ৰমণৰ বিৰূদ্ধে ডিব্ৰুগড়ত ব্যাপক প্ৰতিবাদ

Spread the love

বাংলাদেশত হিন্দুক আক্ৰমণৰ বিৰূদ্ধে ডিব্ৰুগড়ত ব্যাপক প্ৰতিবাদ

বাংলাদেশী প্ৰধানমন্ত্ৰীৰ পুত্তলিকা দাহ বাঙালী যুৱ-ছাত্র ফেডাৰেছনৰ

হিন্দুক অত্যাচাৰ বন্ধ নকৰিলে অসমত ভয়াৱহ পৰিস্থিতিৰ উদ্ভৱ হ’ব বুলি সঁকিয়নী

চাইন অন ডেস্ক

চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত ক্ৰমাগত ভাবে বাংলাদেশৰ হিন্দু নাগৰিকৰ ওপৰত কৰা আক্ৰমণৰ প্ৰতিবাদ স্বৰূপে আজিৰ ডিব্ৰুগড় মহানগৰৰ মাজমজিয়াত এক প্ৰতিবাদী কাৰ্যসূচী ৰুপায়ন কৰা হয়।ডিব্ৰুগড় জিলাৰ বাঙালী যুৱ-ছাত্র ফেডাৰেছনৰ উদ্যোগত আৰু ডিব্ৰুগড় মহানগৰ সমিতিৰ সহযোগত শতাধিক প্ৰতিবাদকাৰীয়ে মহানগৰৰ হৃদপিণ্ডস্বৰূপ থানা চাৰিআলিত সমবেত হৈ বাংলাদেশী গ’ বেক,হিন্দুৰ ওপৰত নিৰ্যাতন বন্ধ কৰক,বাংলাদেশ হুচিয়াৰ, লেই-লেই চেই-চেই,ইউনুছ চৰকাৰ হায় হায়,ইউনুছ চৰকাৰ মুৰ্দাবাদ, বাংলাদেশৰ হিন্দুক অত্যাচাৰ বন্ধ কৰক, হিন্দুক ন্যায় প্ৰদান কৰক ইত্যাদিৰ শ্লোগান গানেৰে আকাশ বতাহ কঁপাই তোলে।
বাংলাদেশী প্ৰধানমন্ত্ৰীৰ পুত্তলিকা দাহ কৰি বাঙালী যুৱ-ছাত্র ফেডাৰেছনৰ নেতৃত্বতই কয় যে বাংলাদেশৰ চৰকাৰ এখন সন্ত্ৰাসবাদক পোষকতা কৰা চৰকাৰ আৰু এই চৰকাৰে যদি অতি শ্ৰীঘেই হিন্দুৰ ওপৰত কৰা নিৰ্যাতন বন্ধ নকৰে,তেন্তে অসমত ভয়াৱহ পৰিস্থিতিৰ উদ্ভৱ হ’ব বুলিও সঁকিয়নী প্ৰদান কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *