কালিচৰণ ব্ৰহ্ম বঁটা প্ৰাপক শিৰোমণি হৰেকৃষ্ণ মহন্ত আতাৰ পঞ্চম তিৰোভাৱ তিথি
ডিমাকুছি,২৪ জুলাই:
অসমৰ ধৰ্মীয় আৰু আধ্যাত্মিক কেন্দ্ৰৰ স্থলী সত্ৰ ৷ মহাপুৰুষ গুৰুজনাৰ আদৰ্শৰে স্থাপিত সত্ৰ সমূহে বৈষ্ণৱ ধৰ্মৰ বাণী বিলাই অসমত এক ধৰ্মীয় আৰু আধ্যাত্মিক চিন্তা চৰ্চাৰ প্ৰসাৰ ঘটাই মানুহৰ মাজত প্ৰেমৰ বাণী বিলাই আহিছে ।ওদালগুৰি জিলাৰ ভাৰত ভূটান সীমান্তৰ হিমালয় পাদ্দেশত অৱস্থিত বৰঙ্গাজুলি সত্ৰ । প্ৰয়াত সত্ৰাধিকাৰ ভকত শিৰোমণি কালিচৰণ ব্ৰহ্ম বঁটা প্ৰাপক হৰেকৃষ্ণ মহন্ত আতাই প্ৰতিষ্ঠা কৰিছিল বৰঙ্গাজুলি সত্ৰ । আজি হৰেকৃষ্ণ মহন্ত আতাৰ পঞ্চম তিৰোভাৱ তিথি অতি উলহ-মালহেৰে পালন কৰে বৰঙ্গাজুলি সত্ৰৰ বাকৰিত । হৰেকৃষ্ণ মহন্ত আতাৰ তিৰোভাৱ তিথি উপলক্ষে ৰাতিপুৱা জাগৰণ কাৰ্যসূচীৰে , প্ৰসংগ পাঠ , মহন্ত আতাৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন , হৰি নাম ধ্বনিৰে গুঞ্জৰিত কৰি তোলে বৰঙ্গাজুলি সত্ৰৰ বাকৰি । হৰেকৃষ্ণ মহন্ত আতাৰ দিনৰ পৰাই গুৰুজনাৰ নীতি আদৰ্শৰে অঞ্চলটোৰ জাতি ধৰ্ম নিৰ্বিশেষে প্ৰতিজন লোককে মানৱ প্ৰেমৰ বাণী বিলাই সমন্বয়ৰ ডোলেৰে বান্ধি ৰাখিছে ৷ ওদালগুৰি জিলাৰ ভাৰত ভূটান সীমান্তৰ বৃহত্তৰ ডিমাকুছি অঞ্চলৰ অসমীয়া, বড়ো , ৰাভা , শৰণীয়া, বঙালী, আদিবাসী , নেপালী, গাড়ো আদি জাতি গোষ্ঠীৰ মাজত সমন্বয়ৰ সাঁকো বৰঙাজুলি সত্ৰ ৷ সত্ৰৰ জৰিয়তে সকলোকে লগত লৈ মহামিলনৰ তীৰ্থ গঢ়াৰ ক্ষেত্ৰত অলপো চেষ্টাৰ ত্ৰুটি কৰা নাছিল সত্ৰাধিকাৰ আতা পুৰুষ হৰেকৃষ্ণ মহন্ত আতাই ৷ পঞ্চাশৰ দশকত নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি বহু বাধা বিঘিনি, আনকি হৰেকৃষ্ণ মহন্ত আতাৰ দেহত একাংশ লোকে চুলাই মদ পৰ্যন্ত ঢালি দিছিল ৷ হৰেকৃষ্ণ মহন্ত আতাই চিন্তিত হল একাংশ লোকে কিয় এনেকুৱা কৰিলে ? পাছত বিছাৰি পালে যে শিক্ষাৰ অভাৱ৷ সেয়েহে তেখেতে বৰঙাজুলি শংকৰদেৱ মিচন প্ৰাৰ্থমিক বিদ্যালয়, শেষৰ শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়, ডিমাকুছি স্থাপন কৰে ৷ ডিমাকুছিৰ দৰে দুৰ্গম স্থানত সত্ৰ স্থাপন কৰি গুৰুজনাৰ আদৰ্শৰে মানুহৰ মাজত প্ৰেম আৰু ভাতৃত্বৰ বাণী বিলাই পৰৱৰ্তী সময়ত সকলোৰে মন জয় কৰিবলৈ সক্ষম হোৱা বৰঙাজুলি সত্ৰৰ প্ৰথম গৰাকী সত্ৰাধিকাৰ *হৰেকৃষ্ণ মহন্ত* ৰ সপোন পূৰ্ণ কৰাত এতিয়া ব্যস্ত তেওঁৰে শিষ্য বৰ্তমানৰ সত্ৰাধিকাৰ নিৰঞ্জন বড়ো । সুদূৰ বৰপেটাৰ পৰা আহি পঞ্চাশৰ দশকতে বৰঙাজুলিত সত্ৰ স্থাপন কৰিছিল প্ৰয়াত আতা *হৰেকৃষ্ণ মহন্ত* ৷ প্ৰধানত আদিবাসী আৰু জনজাতীয় লোকৰ আৱাসভূমি দুৰ্গম অঞ্চলটোত
গুৰুজনাৰ বাণী বিলোৱাত পদে পদে বাধাৰ সন্মুখীন হৈছিল গুৰুজনাৰ একনিষ্ঠ সেৱক হৰেকৃষ্ণ মহন্ত ৷ বহু সময়ত তেওঁক শাৰীৰিক আৰু মানসিক ভাৱে নিৰ্যাতনো চলোৱা হৈছিল৷ কিন্তু সকলো বাধা আৰু নিৰ্যাতনক আশীৰ্বাদ হিচাপে লৈ মানুহৰ মাজত শিক্ষাৰ পোহৰ বিলোৱাৰ লগতে ধৰ্মীয় সংস্কাৰ সাধনত গুৰুত্ব দি কম সময়ৰ ভিতৰতে মানুহৰ মন জয় কৰি গুৰুজনাৰ আদৰ্শৰে অনুপ্ৰানিত কৰিবলৈ সক্ষম হৈছিল ৷ পৰৱৰ্তী সময়ত অঞ্চলটোৰ বড়ো , ৰাভা , আদিবাসী সকলো জাতি জনগোষ্ঠীৰ লোকে হৰেকৃষ্ণ মহন্তৰ ওচৰত শৰণ লৈ গুৰুজনাৰ আদৰ্শ প্ৰচাৰত আগভাগ লয়৷ সকলো জাতি গোষ্ঠীৰ পূৰ্ণ সমৰ্থনত সম্প্ৰতি বৰঙাজুলি সত্ৰ *ৰাজ্যৰ ভিতৰতে এখন অন্যতম ব্যতিক্ৰমী সত্ৰ হিচাপে পৰিচিত*৷ পৰৱৰ্তী সময়ত ৰাইজৰ প্ৰবল দাৱীত হৰেকৃষ্ণ মহন্তই বৰঙাজুলি সত্ৰৰ শাখা সত্ৰ হিচাপে জিলা খনত অন্য ৪৫ খন সত্ৰ স্থাপন কৰি সত্ৰীয়া সংস্কৃতিক অনন্য ৰূপত প্ৰতিষ্ঠা কৰিছিল৷ হৰেকৃষ্ণ মহন্ত আতাই সত্ৰখন কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰো সান্নিধ্য লাভ কৰিছিল । ইতিমধ্যে বৰঙাজুলি সত্ৰত বহুতো গণ্যমান্য ব্যক্তিয়ে পদাৰ্পণ কৰি সত্ৰখনে মহাপুৰষ জনাৰ নীতি আদৰ্শক বাস্তৱ ৰূপ দিয়াৰ ক্ষেত্ৰত আগবঢ়োৱা জাতি ধৰ্ম নিৰ্বিশেষে সমাজৰ প্ৰতিজন লোকৰ মাজত মহাপুৰষ গুৰুজনাৰ আদৰ্শ আৰু মানৱ প্ৰেমৰ বাণী বিলোৱা প্ৰয়াত হৰেকৃষ্ণ মহন্ত আঁতাৰ অনবদ্য কাৰ্যৰ স্বীকৃতি স্বৰূপে অসম চৰকাৰে তেওঁক *কালীচৰণ ব্ৰহ্ম বঁটা* প্ৰদান কৰাৰ লগতে বহুকেইটা সংস্থাই “ভকত শিৰোমণি ”
” আতা পুৰুষ “আৰু “সত্ৰভূষণ” সন্মান প্ৰদান কৰিছে৷ এইগৰাকী মহান পুৰুষ প্ৰয়াত হৰেকৃষ্ণ মহন্ত আঁতাৰ আধৰুৱা সপোন পুৰণ কৰাত এতিয়া ব্যস্ত আঁতাৰ উত্তাধিকাৰ তথা অসমৰ *একমাত্ৰ জনজাতীয় লোকৰ সত্ৰাধিকাৰ নিৰঞ্জন বড়ো* ৷ বৰঙাজুলিত নিতৌ চলে বৰগীত , থিয় নাম , খোলবাদন , ভোৰতালৰ আখৰা য’ত অংশ লয় বড়ো ,ৰাভা , আদিবাসী জনগোষ্ঠীৰ মহিলা , ডেকা , গাভৰুই৷ এনেদৰে এতিয়া বৰঙাজুলি সত্ৰৰ জৰিয়তে বৃহত্তৰ অঞ্চলটোত সমন্বয়ৰ ভেঁটি গঢ়িছে সত্ৰাধিকাৰ নিৰঞ্জন বড়োই ৷ হৰেকৃষ্ণ মহন্ত আতাৰ তিৰোভাৱ তিথিৰ দিনটোতে প্ৰাক্তন উপায়ুক্ত থানেশ্বৰ মালাকাৰে পুনৰবাৰ মুখ্যমন্ত্ৰীলৈ আহ্বান মৰণোত্তৰভাৱে হ’লেও হৰেকৃষ্ণ মহন্ত আতাক শংকৰদেৱ বঁটা প্ৰদান কৰিবলৈ।