বানপ্ৰপীড়িত লোকলৈ দিখৌমুখবাসীৰ সাহাৰ্য
দিখৌমুখ,২৪জুলাইঃ
উজনি অসমৰ সাম্প্ৰতিক প্ৰলয়ংকাৰী বানত জুৰুলা হৈ সৰ্বস্বান্ত হোৱা শিৱসাগৰ জিলাৰ সহস্ৰাধিক পৰিয়ালে এতিয়া পানী কিছু পৰিমানে শুকাইছে যদিও এমুঠি অন্ন আৰু এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে৷ চৰকাৰী পক্ষ আৰু প্ৰশাসন যন্ত্ৰই জিলা খনৰ এই সকল বানপ্ৰপীড়িতক পৰ্যাপ্ত সাহাৰ্য যোগানত ব্যৰ্থ হোৱাৰ পৰিপ্ৰেক্ষিতত বহু সহৃদয় ব্যক্তি ওলাই আহিছে বানত জুৰুলা হোৱা সকলক কিঞ্চিত সাহাৰ্য প্ৰদানৰ অভিযানত৷ এইক্ষেত্ৰত দিখৌমুখবাসী ৰাইজেও সম্পূৰ্ণ নিজাববীয়া প্ৰচেষ্টাত জিলাখনৰ বানত
দূৰ্দশাগ্ৰস্ত ভিন্ন অঞ্চলৰ ৰাইজৰ মাজত এমুঠি অন্ন দিয়াৰ প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে৷ অঞ্চলটোৰ মিলিত শিল্পী সমাজৰ বিষয়-ববীয়াৰ তত্বাৱধানত অঞ্চলটোৰ যুৱবৃন্দ আৰু স্থানীয় ৰাইজে ২৩ জুলাইৰ পৰা নিজৰ গাথীৰ ধন ভাঙি বানপীড়িত ৰাইজলৈ খাদ্য প্ৰস্তুত কৰি শ শ ৰাইজৰ মাজত খাদ্য বিতৰণ অভিযান অব্যাহত ৰাখিছে৷ সাহাৰ্য কাৰী দলটোৱে ইতিমধ্যে যোৱা দুটা দিনত জিলাখনৰ ফুকনফদীয়া, বেজগাওঁ, নখনা, গৌৰীসাগৰ, নামদাং, চাৰিং আদি অঞ্চলৰ সহস্ৰাধিক বানপ্ৰপীড়িত ৰাইজৰ মাজত খিছিৰি, সিজোৱা কণী,
পানীৰ বটল আদি প্ৰস্তুত কৰি নিয়া খাদ্য কেইবাখনো বাহনৰে নি বিতৰণ কৰিছে৷ ইফালে অঞ্চলটোৰ তেলীয়াডোঙা অঞ্চলৰ একাংশ যুৱকেও এটুপি বিশুদ্ধ খোৱাপানীৰ বাবেও হাহাকাৰ কৰিব লগা হোৱা বানপীড়িত ৰাইজৰ মাজত জলজীৱন মিছনৰ তেলীয়াডোঙা পানী যোগান আঁচনিৰ পৰা বিশুদ্ধ খোৱা পানী ড্ৰামে ড্ৰামে বাহনেৰে কঢ়িয়াই বিতৰণ অব্যাহত ৰাখিছে৷ অঞ্চলটোৰ দিছিয়াল গাৱঁৰ যুৱবৃন্দই তদ্ৰুপ পদক্ষেপ গ্ৰহন কৰি শতাধিক বানবিধ্বস্ত পৰিয়ালৰ মাজত সাহাৰ্য স্বৰূপে খাদ্য সামগ্ৰী বিতৰণ কাৰ্য অব্যাহত ৰাখিছে৷ এককথাত বৃহত্তৰ দিখৌমুখ অঞ্চলৰ প্ৰতিগৰাকী সমাজ সচেতন তথা দায়িত্বুীল ব্যক্তি, দল-সংগঠন, অনুস্থান-প্ৰতিস্থানৰ বিষয়-ববীয়া সম্প্ৰতি শিৱসাগৰৰ বান দূৰ্দশাগ্ৰস্ত সকলৰ দূখৰ সমভাগী হৈ সাহাৰ্য অভিযানত জপিয়াই পৰিছে৷