ডিব্ৰুগড়ৰ নতুন চাহ নিলাম কেন্দ্ৰত চাহ জনগোষ্ঠীৰ যুৱক-যুৱতীক নিযুক্তিৰ আহ্বান আটছাৰ
চাইন অন ডেস্ক,২৬চেপ্তেম্বৰ:
উজনি অসমৰ ডিব্ৰুগড়ৰ এইচ এম ৰিজৰ্টত অলপতে ৰাজ্যৰ দ্বিতীয়টো চাহ নিলাম কেন্দ্ৰ (Assam Chai Bazaar) আনুষ্ঠানিকভাৱে মুকলি কৰা কাৰ্যক অসম চাহ জনজাতি ছাত্ৰ সন্থাই আদৰণি জনাইছে। ইয়াৰ দ্বাৰা উজনি অসমৰ চাহ উদ্যোগটোৱে এক নতুন মাত্ৰা লাভ কৰিব বুলি আটছাই আশা প্ৰকাশ কৰিছে। কিন্তু ইয়াৰ সমান্তৰালভাৱে, এই নিলাম কেন্দ্ৰটো কেন্দ্ৰ কৰি গঢ়ি উঠিবলগীয়া বিশাল কৰ্মসংস্থাপনৰ সুযোগৰ ক্ষেত্ৰত আটছাই এশ শতাংশ থলুৱা চাহ জনগোষ্ঠীৰ যুৱক-যুৱতীসকলৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ চৰকাৰ, নিলাম কেন্দ্ৰ কৰ্তৃপক্ষ আৰু পুঁজিপতি গোষ্ঠীক আহ্বান জনাইছে। উল্লেখ যে ২০০ বছৰতকৈও অধিক সময় ধৰি চাহ
জনগোষ্ঠীৰ পূৰ্বপুৰুষসকলে বাগানে বাগানে কেৱল গোলামী জীৱন পাৰ কৰিলে। হাড়ভঙা পৰিশ্ৰম, অশেষ বঞ্চনা আৰু তেজক পানী কৰি তেওঁলোকে অসমৰ অৰ্থনীতিক টনকিয়াল কৰিলে আৰু অসমৰ চাহক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিলে। কিন্তু ইমান বছৰে আমাৰ চাহ শ্ৰমিক ৰাইজৰ কষ্টৰ বিনিময়ত কেৱল পুঁজিপতি গোষ্ঠীসমূহহে ধনী হ’ল, চাহ বাগিচাৰ শ্ৰমিক সমাজখন অৰ্থনৈতিক আৰু সামাজিকভাৱে পিছপৰিয়েই ৰৈ গ’ল।কিন্তু এতিয়া দিন সলনি হৈছে। ২০০ বছৰীয়া গোলামী আৰু অন্ধকাৰ যুগৰ ওৰ পেলাই আজি আমাৰ চাহ জনগোষ্ঠীৰ মাজৰ পৰা লাখ লাখ ল’ৰা-ছোৱালী উচ্চশিক্ষাৰে শিক্ষিত হৈ ওলাই আহিছে। আজি চাহ জনগোষ্ঠী সমাজত হাজাৰ হাজাৰ স্নাতক, স্নাতকোত্তৰ আৰু কাৰিকৰী শিক্ষাৰে দীক্ষিত শিক্ষিত নিবনুৱা যুৱক-যুৱতী আছে এই শিক্ষিত যুৱ প্ৰজন্ম এতিয়া চাকৰিৰ নিৰ্বিকাৰ হৈ হাহাকাৰ কৰি আছে।আটছাৰ কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক লখিন্দৰ কুৰ্মিয়ে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি চৰকাৰ আৰু নিলাম কেন্দ্ৰ পৰিচালনা সমিতিৰ ওচৰত সজোৰে দাবী উত্থাপন কৰি কয় যে এই নতুন চাহ নিলাম কেন্দ্ৰটোৰ পৰিচালনা,চাহ গুদামঘৰৰ ডাটা এণ্ট্ৰী, লজিষ্টিকছ,একাউণ্ট আৰু অনান্য পদকে ধৰি বিভিন্ন সৰু-বৰ পদতৰ নিযুক্তিত কেৱল চাহ বাগিচা আৰু চাহ জনগোষ্ঠীৰ শিক্ষিত যুৱক-যুৱতীসকলক অগ্ৰাধিকাৰ প্ৰদান কৰিব লাগিব।আমাৰ ঘাম আৰু শ্ৰমৰ ওপৰত ব্যৱসায় কৰি পুঁজিপতি গোষ্ঠীয়ে কোটি কোটি টকাৰ মুনাফা লাভ কৰিব আৰু আমাৰ সমাজৰ শিক্ষিত ল’ৰা-ছোৱালীবোৰে চাকৰিৰ বাবে হাহাকাৰ কৰি ফুৰিব—এইয়া কোনো কাৰণতে মানি লোৱা নহ’ব বুলি স্পষ্ট কৰি দিছে।চাহ জনগোষ্ঠীৰ শিক্ষিত নিৱনুবাক সংস্থাপন দিয়াৰ ক্ষেত্ৰত কৰা বঞ্চনাৰ কোনো ষড়যন্ত্ৰ আটছাই সহ্য নকৰে। চাহৰ সৈতে জড়িত প্ৰতিটো লাভালাভৰ প্ৰথম অধিকাৰ চাহ জনগোষ্ঠীৰ লোকৰ হ’ব লাগিব আটছাৰ নেতাজনে মন্তব্য কৰে।