সদাগৰ ভোলানাথ বৰুৱা অধ্যয়ন কোষৰ পদক্ষেপ
অসমৰ অৰ্থনীতি, বাণিজ্য তথা ব্যৱসায়ী বিষয়ক গ্ৰন্থ দানৰ আহ্বান
চাইন অন ডেস্ক,২৫ছেপ্টেম্বৰ:
উত্তৰ-পূৰ্বাঞ্চলৰ বাণিজ্যৰ উচ্চশিক্ষাৰ ঐতিহ্যমণ্ডিত অনুষ্ঠান ডিব্ৰুগড় হনুমানবক্স সূৰজমল কানৈ বাণিজ্য মহাবিদ্যালয় পৰিয়ালৰ উদ্যোগত গঠিত ‘সদাগৰ ভোলানাথ বৰুৱা অধ্যয়ন আৰু গৱেষণা কোষ’ৰ অন্তৰ্গত অধ্যয়ন কোষে মহাবিদ্যালয়খনত উত্তৰ-পূৰ্বাঞ্চলৰ বাণিজ্য তথা অৰ্থনীতিৰ ইতিহাসমূলক গ্ৰন্থৰ এটি আছুতীয়া অধ্যয়ন কক্ষ স্থাপন কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে। ৰাজ্যখনৰ লগতে তাহানিৰ বৰ অসম তথা উত্তৰ-
পূৰ্বাঞ্চলৰ অৰ্থনীতি তথা বাণিজ্যৰ ইতিহাসমূলক গ্ৰন্থৰ লগতে অঞ্চলটোৰ ইতিহাসৰ পৃষ্ঠাত লিপিবদ্ধ হৈ থকা সদাগৰ ভোলানাথ বৰুৱা প্ৰমুখ্যে লক্ষ্মীনাথ বেজবৰুৱা, জ্যোতিপ্ৰসাদ আগৰৱালা, ৰাধাগোবিন্দ বৰুৱা, হেমেন্দ্ৰ প্ৰসাদ বৰুৱা আদি প্ৰথিতযশা ব্যৱসায়ী তথা অন্যান্য সৰু-সৰু উদ্যমীসকলৰ ব্যৱসায়-জীৱনৰ তথ্যপূৰ্ণ বিভিন্ন ভাষাত লিখিত গ্ৰন্থ, লেখা অথবা আলোকচিত্ৰকে ধৰি আন বিভিন্ন গুৰুত্বপূৰ্ণ তথ্য আদিও আগ্ৰহী সুধীজনৰ পৰা দানসূত্ৰে গ্ৰহণ কৰাৰ পৰিকল্পনা অধ্যয়ন কোষটিয়ে গ্ৰহণ কৰিছে। অঞ্চলটোৰ বাণিজ্য আৰু অৰ্থনীতিৰ ঐতিহাসিক পৰিক্ৰমাৰ সমান্তৰালভাৱে সমকালৰ বাণিজ্য তথা অৰ্থনীতিৰ লগতে পুৰোধা উদ্যমী তথা ব্যৱসায়ীসকলৰ বিষয়েও যাতে নতুন প্ৰজন্মই তথ্যনিষ্ঠভাৱে জানিব পাৰে, তাৰ বাবেই এই ব্যৱস্থা গ্ৰহণ কৰা বুলি ‘সদাগৰ ভোলানাথ বৰুৱা অধ্যয়ন আৰু গৱেষণা কোষ’ৰ সচিব তথা মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ জয়দেৱ গগৈয়ে জানিবলৈ দিছে। ইয়াৰ ফলত সংশ্লিষ্ট ক্ষেত্ৰত আগ্ৰহী গৱেষকসকলৰো এই ক্ষেত্ৰত তথ্য আহৰণৰ সুবিধা হ’ব বুলি আশা কৰা হৈছে । উত্তৰ-পূৰ্বাঞ্চলৰ অৰ্থনৈতিক পৰিক্ৰমাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা সদাগৰ ভোলানাথ বৰুৱাৰ দৰে স্বনামধন্য ব্যক্তিসকলৰ সন্দৰ্ভত তথ্যৰাজি যাতে সংৰক্ষিত হৈ থাকে, সেই উদ্দেশ্যেৰেই এই পদক্ষেপ গ্ৰহণ কৰা বুলি অধ্যয়ন কোষৰ সমন্বয়ক ড0 নৱজ্যোতি দত্তই সংবাদ-মাধ্যমক অৱগত কৰিছে। মহাবিদ্যালয় পৰিয়াল তথা অধ্যয়ন কোষটিৰ হৈ ইচ্ছুক গ্ৰন্থদাতাক “ড০ জয়দেৱ গগৈ, অধ্যক্ষ, ডিব্ৰুগড় হনুমানবক্স সূৰজমল কানৈ বাণিজ্য মহাবিদ্যালয় তথা সচিব, ‘সদাগৰ ভোলানাথ বৰুৱা গৱেষণা আৰু অধ্যয়ন কোষ’, ডিব্ৰুগড়-৭৮৬০০১, ম’বাইল নম্বৰ: ৯৪০১৬-৫৬৫৬৬’ ঠিকনাত যোগাযোগৰ বাবে আহ্বান জনোৱা হৈছে।