সমগ্ৰ দেশৰ লগত সংগতি ৰাখি ডিব্ৰুগড়ৰ বৈৰাগীমঠস্থিত শ্ৰীশ্ৰীঅনিৰুদ্ধদেৱ কনিষ্ঠ মহাবিদ্যালয়তো দিনজোৰা কাৰ্যসূচীৰে শিক্ষক দিৱস পালন কৰা হয়। সৰ্বপল্লী ৰাধাকৃষ্ণণৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পন আৰু বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে পৰিচালনা সমিতিৰ সভাপতি হলিৰাম ফুকনে। ইয়াৰ পিছত মহাবিদ্যালয়ৰ প্ৰাচীৰ পত্ৰিকা পূবেৰুণ আৰু লগতে মহাবিদ্যালয়ৰ শীৰ্ষ গীত “এনেখন আমাৰ মহাবিদ্যালয়, শ্ৰীশ্ৰীঅনিৰুদ্ধদেৱ ” উন্মোচন কৰে শ্ৰীশ্ৰীঅনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক পংকজ বৰঠাকুৰে। উন্মোচকৰ বক্তব্যত তেখেতে মহাপুৰুষ শ্ৰীশ্ৰীঅনিৰুদ্ধদেৱৰ জীৱন দৰ্শন আৰু সামাজিক সংস্কাৰ আন্দোলনৰ বিষয়ে চিত্তাকৰ্ষক ৰূপত দাঙি ধৰে। উল্লেখ্য যে মহাবিদ্যালয়ৰ শীৰ্ষ গীতটো ৰচনা কৰিছে লেখক-সাহিত্যিক যতীন্দ্ৰ মোহন গগৈয়ে। সুৰ কৰিছে কণ্ঠশিল্পী ৰূপনন্দা দত্তই আৰু সংগীত পৰিচালনা কৰিছে কুলেন বুঢ়াগোহাঁইয়ে। উদ্বোধনী অনুষ্ঠানৰ আঁত ধৰে শ্ৰীশ্ৰীঅনিৰুদ্ধদেৱ একাডেমিৰ শৈক্ষিক মুৰব্বী যাদৱ গগৈয়ে। শিক্ষক দিৱস উপলক্ষে পঞ্চম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে নৃত্য, গীত, অভিনয়, আবৃত্তি আদিৰে দিনযোৰা কাৰ্যসূচী উত্সৱ মুখৰ কৰি তোলে। অনুষ্ঠানৰ মাজতেই ছাত্ৰ-ছাত্ৰীসকলে শিক্ষক-শিক্ষয়িত্ৰীসকলক উপহাৰসহ সম্বৰ্ধনা জ্ঞাপন কৰে। অনুষ্ঠানত শিক্ষক দিৱস’ৰ কেক কাটি ছাত্ৰ ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীৰ প্ৰতি শুভেচ্ছামূলক বক্তব্য আগবঢ়ায় মহাবিদ্যালয়ৰ অধ্যক্ষ ভূষণ জ্যোতি সন্দিকৈয়ে।
Your email address will not be published. Required fields are marked *
Comment *
Name *
Email *
Website
Save my name, email, and website in this browser for the next time I comment.
Notify me of follow-up comments by email.
Notify me of new posts by email.