...

ডিব্ৰুগড়ত টাইপাৰ যোগদান কাৰ্যসূচী

ডিব্ৰুগড়ত টাইপাৰ যোগদান কাৰ্যসূচী

শতাধিক যুৱকৰ যোগদান, জনজাতিকৰণৰ দাবীত চৰকাৰক সমালোচনা

চাইন অন ডেস্ক,৬ছেপ্টেম্বৰঃ

ডিব্ৰুগড়ৰ বৰপথাৰত টাই আহোম যুৱ পৰিষদ, অসম (টাইপা)-ৰ উদ্যোগত অনুষ্ঠিত হয় বৃহৎ যোগদান কাৰ্যসূচী। বৰপথাৰ যুৱ সংঘৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত অনুষ্ঠানত টাইপাৰ নীতি-আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ প্ৰায় শতাধিক যুৱকে সংগঠনটোত যোগদান কৰে। টাইপা ডিব্ৰুগড় জিলাৰ সাধাৰণ সম্পাদক সুজিৎ চাংমাইৰ নেতৃত্বত অনুষ্ঠিত কাৰ্যসূচীত টাইপাৰ কেন্দ্ৰীয় সভাপতি বিজয় চন্দ্ৰ ৰাজকোঁৱৰ, কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি ৰূদ্ৰসাগৰ বুঢ়াগোহাঁই, ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি সৰ্বজ্যোতি গগৈসহ কেন্দ্ৰীয় সমিতিৰ

কেইবাগৰাকীও বিষয়ববীয়া উপস্থিত থাকে। অনুষ্ঠানত টাই আহোমসকলৰ জনজাতিকৰণ, স্বায়ত্তশাসন আৰু ভূমিৰ অধিকাৰৰ দাবী সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰা হয়। সভাত ভাষণ প্ৰদান কৰি টাইপাৰ কেন্দ্ৰীয় সভাপতি বিজয় চন্দ্ৰ ৰাজকোঁৱৰে চৰকাৰক তীব্ৰ সমালোচনা কৰি কয় যে ২০১৬ চনৰ পৰা শাসনত থকা বিজেপি চৰকাৰে টাই আহোমসকলৰ জনজাতিকৰণৰ প্ৰতিশ্ৰুতি আজিকোপতি পূৰণ কৰিব পৰা নাই। বিধানসভাত প্ৰতিবেদন দাখিলৰ পিছত দিল্লীলৈ প্ৰেৰণ কৰাৰ প্ৰতিশ্ৰুতিও কাৰ্যকৰী নোহোৱাত তেওঁ অসন্তুষ্টি প্ৰকাশ কৰে। টাই আহোমসকলৰ জনজাতিকৰণ আৰু স্বায়ত্তশাসনৰ দাবী শীঘ্ৰে পূৰণ

কৰিবলৈ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক আহ্বান জনায় ৰাজকোঁৱৰে। আনহাতে, টাইপাৰ ডিব্ৰুগড় জিলা সমিতিৰ সাধাৰণ সম্পাদক সুজিৎ চাংমাই কয় যে আজিৰ যোগদান কাৰ্যসূচী কেৱল সদস্য ভৰ্তিৰ অনুষ্ঠান নহয়, এয়া টাই আহোম জাতিৰ অস্তিত্ব, ঐতিহ্য আৰু ভৱিষ্যতৰ প্ৰতি দায়বদ্ধতা গ্ৰহণৰ সংকল্পৰ দিন। টাই আহোম জনগোষ্ঠীটোৰ নতুন প্ৰজন্মক ভাষা, সংস্কৃতি, পৰম্পৰা আৰু জাতীয় স্বাভিমান ৰক্ষাৰ বাবে ঐক্যবদ্ধভাৱে আগবাঢ়ি আহিবলৈ তেওঁ আহ্বান জনায়।

Leave a Reply

Your email address will not be published. Required fields are marked *