অৱশেষত দীৰ্ঘদিনৰ বিৰতিত পুনৰ মুকলি কৰা হ’ল গোৱালপাৰাৰ শিমলীতোলা চাহ বাগিচা।দুধনৈ বিধান সভা সমষ্টিৰ বিধায়ক টংকেশ্বৰ ৰাভাই আজি আনুষ্ঠানিক ভাবে মুকলি কৰে চাহ বাগিচা খন।উল্লেখ্য যে প্ৰায় দুই-তিনি বছৰ ধৰি মালিক পক্ষৰে হোৱা মতানৈক্যৰ ফলত বাগিচাৰ শ্ৰমিক-মজদুৰ সকলে নিজৰ-নিজৰ কামৰ পৰা বঞ্চিত হৈ থকাৰ সমান্তৰালকৈ বঞ্চিত হৈ আছিল মজুৰি-পাৰিতোষিকৰ পৰাও।অৱশেষত মুখ্যমন্ত্ৰী ড°হিমন্তবিশ্ব শৰ্মা আৰু বিভাগীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ তৎপৰতাত আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ মালিক পক্ষৰে হোৱা চুক্তি মৰ্মে পুনৰ মুকলি কৰা হয় চাহ বাগিচা খন।আজি মুখ্যমন্ত্ৰীৰ সেউজ সংকেততে দুধনৈ সমষ্টিৰ বিধায়ক টংকেশ্বৰ ৰাভাই আনুষ্ঠানিক ভাবে মুকলি চাহ বাগিচা খন। বিধায়ক গৰাকীয়ে এয়া মুখ্যমন্ত্ৰীৰ দূৰদৰ্শিতা আৰু চাহ বাগিচাৰ শ্ৰমিক-মজদুৰৰ প্ৰতি থকা সমমৰ্মিতাৰ বাবেহে সম্ভৱপৰ হোৱা বুলি মন্তব্য কৰে।এতিয়াৰে পৰা পুনৰ পূৰ্বৰ দৰে চাহপাতৰ উৎপাদন আৰু বাগিচাৰ শ্ৰমিক-মজদুৰ সকলৰ আৰ্থিক অৱস্থা ভাল হোৱাৰ আশা ব্যক্ত কৰে বিধায়ক গৰাকীয়ে।বাগিচা খনে আজিৰে পৰা এক নৱজীৱন পোৱা বুলি মন্তৱ্য কৰি আগলৈ সকলোৰে সুদিনৰ কামনা কৰে বিধায়ক টংকেশ্বৰ ৰাভাই।প্ৰতিকুল বতৰৰ মাজতো আজিৰ এই বাগিচাৰ পুনৰ মুকলি পৰ্বত শ্ৰমিক-মজদুৰ সকলো যঠেষ্ট উৎফুল্লিত হৈ পৰে।
Your email address will not be published. Required fields are marked *
Comment *
Name *
Email *
Website
Save my name, email, and website in this browser for the next time I comment.