নগাঁৱৰ পানীগাঁৱত সংযুক্তা ষ্টুডিঅ’ৰ বেনাৰত বিপণন কেন্দ্ৰ মুকলি মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ
নগাঁও:-
অসমৰ ৰেচম এটি আপুৰুগীয়া শিল্পৰ নিদৰ্শন৷ প্ৰধানতঃ পাট-মুগা আৰু এৰীসূতাৰে বোৱা বিভিন্ন সাজ পোচাকেৰে এই উদ্যোগটো ঐতিহাসিক সময়ৰ পৰা সমৃদ্ধ হৈ আহিছে ৷ সম্প্ৰতি অৰ্থনীতিৰ দিশটোৰ উপৰিও সাংস্কৄতিক দিশত ইয়াৰ গুৰুত্ব অশেষ বৃদ্ধি পাইছে ৷ সংযুক্তা দত্তই এই উদ্যোগটোত আন্তৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যোৱাত যথেষ্টখিনি অৰিহণা যোগাইছে ৷” নগাঁও চহৰৰ পানীগাঁৱত আন্তঃৰাষ্ট্ৰীয় ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্তই সংযুক্তা ষ্টুডিঅ’ৰ বেনাৰত মুকলি কৰা এটি বিপনন কেন্দ্ৰত আজি
সন্ধিয়া উপস্থিত হৈ এনেদৰে কয় কেন্দ্ৰীয় ৰাজ্যিক বস্ত্ৰ আৰু বৈদেশিক পৰিক্ৰমা আৰু মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই ৷ বিপণন কেন্দ্ৰটো পৰিদৰ্শন কৰি আপ্লুত হৈ পৰা বুলি মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে আৰু কয় যে আজিকালি পৃথিৱীৰ উন্নত দেশসমূহতো যন্ত্ৰৰ দ্বাৰা উৎপাদিত সাজ পোচাকৰ তুলনাত হস্ত নিৰ্মিত আৰু থলুৱাভাবে উৎপাদিত সাজ পোছাকৰ চাহিদা বৃদ্ধি পাইছে ৷ ভাৰতৰ ভিতৰত সাৰ্বাধিক তাঁতশাল অসমত আছে ৷ এয়া আমাৰ বাবে গৌৰৱৰ কথা ৷ ভাৰত চৰকাৰে থলুৱা বস্ত্ৰ উদ্যোগৰ উন্নতিৰ কাৰণে বহুকেইখন অভিলাষী আঁচনি গ্ৰহন কৰি ফলপ্ৰসূভাৱে কাম কৰি আছে ৷ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক স্থানীয় বিধায়ক ৰূপক শৰ্মা,অসম চৰকাৰৰ পৰ্যটন বিভাগৰ প্ৰৱন্ধক ভাস্কৰ জ্যোতি বৰুৱা আদিয়ে সংগ দান কৰে ৷ একেটা অনুষ্ঠানতে মানচেষ্টাৰৰ পৰা অহা এগৰাকী বিদেশী পৰ্যটকেও সংযুক্তা দত্তৰ বিপনীখন পৰিদৰ্শন কৰি আপ্লুত হৈ পৰা দেখা যায় ৷ আনহাতে আজি পুৱা আনুষ্ঠানিকতাবিহীনভাৱে মুকলি হ’ল আন্তঃৰাষ্ট্ৰীয় ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্তৰ দ্বাৰা উৎপাদিত সামগ্ৰীৰ এটি বিপনন আৰু প্ৰদৰ্শন কেন্দ্ৰ ৷ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাই সম্পূৰ্ণ অনাড়ম্বৰ পৰিবেশত নগাঁও চহৰৰ ভাৰতীয় ষ্টেট বেংকৰ পানীগাওঁ শাখাৰ কাষত সংযুক্তা ষ্টুডিঅ’ৰ বেনাৰত পুৱা ১০ বজাত মুকলি হয় বিপনীখন। আন্তঃৰাষ্ট্ৰীয় ফেশ্বন ডিজাইনাৰ গৰাকীয়ে এনেদৰে কয় “বিগত মাহৰ ২৩ তাৰিখে বিপনীখন আনুষ্ঠানিকভাৱে মুকলি কৰাৰ দিন ধাৰ্য কৰা হৈছিল যদিও কিংবদন্তি শিল্পী জুবিন গাৰ্গৰ অকল্পনীয় আৰু অনাকাংক্ষিত বিয়োগৰ বাবে সেই অনুষ্ঠান বাতিল কৰা হয় আৰু আজি আনুষ্ঠানিকতা পৰিহাৰ কৰি তেনেই সাধাৰণভাৱে বিপনীখন মুকলি কৰোঁ । নগাঁও মোৰ জন্ম ঠাই৷সেয়ে নগাঁৱত স্থায়ীভাৱে মই কৰি থকা কামখিনি ৰাইজৰ আগত তুলি ধৰাৰ এটা সপোন আছিল৷ তাৰেই ফলশ্ৰুতিত আজি ইয়াত এই বিপনীখন মুকলি কৰিছোঁ। আশা কৰোঁ নগাঁও বাসীয়ে মৰমৰে আকোঁৱালি ল’ব। উল্লেখ্য যে বিপনীখনত অসমীয়া থলুৱা পাট-মুগাৰে সংযুক্তা দত্তৰ দ্বাৰা বিশেষভাৱে উৎপাদিত পিন্ধন বস্ত্ৰ,আলংকৰিক সা-সজ্জাৰ সামগ্ৰী আদি প্ৰদৰ্শন আৰু বিক্ৰীৰ বাবে উপলব্ধ কৰা হৈছে।
ঋতু পৰ্ণ শৰ্মা