*ডিব্ৰুগড়ত দয়-কাও-ৰং-অৰ উদ্যোগত স্থাপিত পথ পুথিভঁৰাললৈ পঢ়ুৱৈৰ ব্যাপক সঁহাৰি*
ডিব্ৰুগড়, ১৮ এপ্ৰিলঃ
যোৱা ১৬ এপ্ৰিলত ডিব্ৰুগড় মহানগৰৰ পাৰ্শ্বৱৰ্তী অঞ্চল নগাখেলীয়া গাঁৱৰ এক ব্যস্ত পথত ভাষা-সাহিত্য-সংস্কৃতি-সমাজসেৱামূলক বেচৰকাৰী অনুষ্ঠান দয়-কাও-ৰং-ৰ উদ্যোগত স্থাপন কৰা পথ পুথিভঁৰালটোৰ প্ৰতি স্থানীয় ৰাইজৰ লগতে পথটোৰে যাতায়ত কৰা দূৰ-দূৰণিৰ যাত্ৰীয়ে আশাব্যঞ্জক সঁহাৰি জনাইছে৷ উল্লেখ্য যে জন্মলগ্নৰ পৰাই অসমীয়া ভাষা-সাহিত্যৰ বিকাশৰ বাবে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰি অহা দয়-কাও-ৰঙে ৰাজ্যখনৰ বিভিন্ন স্থানত পথ পুথিভঁৰাল 
দয়-কাও-ৰঙৰ সভাপতি তথা বিশিষ্ট লেখক টুনুজ্যোতি গগৈয়ে এক প্ৰেছ বিবৃতিত কয় যে নতুন প্ৰজন্মক কিতাপৰ প্ৰতি আগ্ৰহী কৰি তুলিবলৈ অনুষ্ঠানটোৰ উদ্যোগত ডিব্ৰুগড় জিলাৰ প্ৰান্তীয় অঞ্চল টেঙাখাতৰ ৰংচঙী-কপহুৱা গাঁৱত এটা স্থায়ী পুথিভঁৰাল নিৰ্মাণ কৰি থকা হৈছে৷ অদূৰ ভৱিষ্যতে নগাখেলীয়া গাঁৱৰ পথ পুথিভঁৰালটোৰ সমীপতে দয়-কাও-ৰং-অৰ স্থায়ী কাৰ্যালয়, এটা অধ্যয়ন আৰু গৱেষণা কেন্দ্ৰও স্থাপন কৰা হ’ব৷