...

বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসক উষ্ম আদৰণি

বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসক উষ্ম আদৰণি

প্ৰায় ৭০ টি দল – সংগঠনৰ সম্বৰ্ধনা জ্ঞাপন

বৰপেটাৰোড,২৫মেঃ

ৰাইজে আমাক বিপুল সহাঁৰিৰে পুনৰ শাসনত আনিছে। আগন্তুক দিনত ৰাইজৰ সহযোগত যৎপৰোনাস্তি সেৱা আগবঢ়াই যাম। আমি শাসনত ক্ষমতাৰ বাবে নহয়; সেৱাৰ বাবেহে আহোঁ। আজিৰ সম্বৰ্ধনাত ৰাইজৰ মৰমত আবেগিক হৈছোঁ। বৰপেটাৰোডৰ ৮৯ শতাংশ ভোট মোক দিছে সেয়ে চহৰৰ লগতে সমষ্টিৰ ৰাইজৰ শ্ৰী চৰণত সেৱা জনালোঁ। আজি বৰপেটাৰোড পৌৰসভাৰ উদ্যোগত অনুষ্ঠিত এক সম্বৰ্ধনা সভাত ভৱানীপুৰ-সৰভোগ বিধানসভা সমষ্টিৰ নৱ-নিৰ্বাচিত বিধায়ক তথা অসম বিধানসভাৰ অধ্যক্ষ বৰপেটাৰোডৰ সু সন্তান ৰঞ্জিত কুমাৰ দাসক অঞ্চলটোৰ ৰাইজে এক অভূতপূৰ্ব উষ্ম আদৰণি জনোৱাৰ পিচত এইদৰে মত ব্যক্ত কৰে বিধানসভাৰ অধ্যক্ষ গৰাকীয়ে।​ সভাৰ পূৰ্বে স্থানীয় বিজেপি মণ্ডল কাৰ্যালয়ৰ পৰা এক বিশাল – বৰ্ণাঢ্য শোভাযাত্ৰাৰে তেখেতক বৰপেটাৰোড চহৰৰ মাজেৰে আগবঢ়াই অনা হয়। সহস্ৰাধিক দলীয় কৰ্মী আৰু স্থানীয় ৰাইজৰ উপস্থিতিয়ে সমগ্ৰ পৰিৱেশ উৎসৱমুখৰ কৰি তোলে।​ এই বিশাল শোভাযাত্ৰাৰ অন্তত বৰপেটাৰোডৰ ঐতিহাসিক ৰবীন্দ্ৰকুঞ্জত এক ভব্য ৰাজহুৱা সম্বৰ্ধনা সভাৰ আয়োজন কৰা হয়।​ সভাত অঞ্চলটোৰ বিভিন্ন দল-সংগঠন, সামাজিক অনুষ্ঠান আৰু সৰ্বসাধাৰণ ৰাইজে অধ্যক্ষ গৰাকীক দল সংগঠন সমূহে ফুলাম গামোচা, জাপি আৰু মানপত্ৰ সহ বিভিন্ন সামগ্ৰীৰে বিপুল সম্বৰ্ধনা জ্ঞাপন কৰে।​ বৰপেটাৰোড প্ৰেছ ক্লাৱ, বৰপেটাৰোড পৌৰসভা, বৰপেটাৰোড সাহিত্য সভা, ৰাস মন্দিৰ তথা মহোৎসৱ সমিতি, কেন্দ্ৰীয় নেতাজী ভাৱনা মঞ্চ, দি’ বৰপেটাৰোড ক্লাব, অনিল মোজাম্মিল সংঘ, চন্দনপুৰ শিৱ মন্দিৰ, হনুমান মন্দিৰ, লায়ন্স ক্লাব, মাৰোৱাৰী যুৱ মঞ্চ, অম্বিকাগিৰী সংঘ, বাবুপাৰা যুৱ সমাজ, বৰপেটাৰোড জামে মজছিদ আদি কৰি ৰাজনৈতিক দল, মহিলা সমিতি সহ ৭০ ৰ অধিক অনুষ্ঠান – সংগঠনে সম্বৰ্ধনা জনায়। সভাত উপস্থিত ৰাইজক ধন্যবাদ জনাই বিধায়কগৰাকীয়ে ভৱানীপুৰ-সৰভোগ সমষ্টিটোৰ সৰ্বাংগীণ উন্নয়ন – ৰাইজৰ সেৱাত নিজক উৎসৰ্গা কৰাৰ প্ৰতিশ্ৰুতি দি বৰপেটাৰোডত কেবাটিও ৰাজহুৱা কাম কৰাৰ কথা দোহাৰে। পিচত সাংবাদিকৰ আগত তেওঁ

কয় যে বৰপেটাৰোডত চান্দা সংস্কৃতি কোনোদিনে চলিব নোৱাৰে। ব্যৱসায়ী, সাধাৰণ লোক আৰু খাটি খোৱা মানুহক ভয় দেখুৱাই টকা সংগ্ৰহৰ ৰাজনীতি বন্ধ হ’ব লাগিব। বাছ, ট্ৰাক আৰু সৰু যান বাহনৰ পৰাও কোনো লব নোৱাৰিব টকা হাৰাশাস্তি কৰিলে কঠোৰ শাস্তি, বিহা হ’ব বুলি উল্লেখ কৰে। একেদৰে এই সময়ত অভিযোগ উঠি অহা মূলত জনসাধাৰণৰ কামত বাধা সৃষ্টি কৰা আৰু দুৰ্নীতিৰ সৈতে জড়িত আৰক্ষী তথা চাকৰিয়ালসকলক কঠোৰ ভাষাৰে সকীয়াই দি ৰনজিৎ দাসে মন্তব্য কৰে যে জনতাৰ স্বাৰ্থবিৰোধী কাম বন্ধ কৰক, নহ’লে বৰপেটাৰোড এৰিবলৈ সাজু থাকক বুলি কয়। পৌৰকৰ্মী ধনজিত দাসে আঁত ধৰা সভাত বৰপেটাৰোড পৌৰসভাৰ পৌৰপতি ৰাজেশ সৰকাৰ, ৱাৰ্ড কমিছনাৰ, কৰ্মচাৰী সকলৰ লগতে বিশিষ্ট ব্যক্তি সহশ্ৰাধিক ৰাইজ উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *